চৰাইদেউত জুৰীয়া ঘটনাক লৈ যুৱ মৰ্চাৰ প্ৰতিক্ৰিয়া

চৰাইদেউঃ অসমীয়াৰ স্বাভিমানত আঘাত হানি নগাঁও জিলাৰ জুৰীয়াত NSUI ৰ কৰ্মীয়ে গামোচা দাহ কৰাক লৈ সোণাৰিৰ শিৱ মন্দিৰ তিনি আলিত বিজেপিৰ চৰাইদেউ জিলা জনতা যুৱ মৰ্চাৰ কৰ্মকৰ্তাই আজি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷

প্ৰতিবাদথলীত জনতা যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলে কংগ্ৰেছী বিধায়ক নৰুল হুদাৰ প্ৰতিমূৰ্তী দাহ কৰে। লগতে গামোচা দাহ কৰা কাৰ্যত জড়িত দুস্কৃতিকাৰীসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় যুৱ মৰ্চাই।