বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ

বাঘবৰঃ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে সমষ্টিত অব্যাহত আছে প্ৰতিবাদ। আজি বাঘবৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত মন্দিয়া উন্নয়ন খণ্ডৰ কেইবাখনো পঞ্চায়তৰ প্ৰায় তিনি শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে বিধায়কগৰাকীৰ বিৰুদ্ধে৷

৪৫ নং বাঘবৰ বিধান সভা সমষ্টিৰ মন্দিয়া উন্নয়ন খণ্ডৰ মন্দিয়া, সত্ৰকনৰা, কদমতলা, ধৰ্মপুৰ ভাইতনাপেইতি, বাঘমাৰা, সোনাবাৰি বাড়ী, বাঘবৰ আদি কৰি ১৯ খন গাঁও পঞ্চায়তৰ বিভিন্ন আঁচনিৰ কাম-কাজত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি  প্ৰতিবাদ সাব্যস্ত কৰে৷

বিধায়কগৰাকীয়ে সাংগোপাংগোৰ হতুৱাই কাম নকৰাকৈয়ে আচঁনিৰ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে৷ বিধায়ক শ্বেৰমান আলীয়ে তেওঁৰ ব্যক্তিগত সহায়ক মুস্তাফিজুৰ ৰহমানৰ মোবাইলেৰে ফোন কৰি বিধায়কৰ ঘৰলৈ মাতি নি ৭০নং ধৰ্মপুৰ ভাইতাপাইতি পঞ্চায়তৰ ৰোজগাৰ সহায়ক মহিদুল ইছলামক মাৰ-ধৰ কৰি গুৰুতৰভাৱে আহত কৰা কাৰ্যৰো প্ৰতিবাদ জনায়৷

পঞ্চায়তৰ ৰোজগাৰ সহায়ক মহিদুল ইছলামে মন্দিয়া আৰক্ষী চকীত ১৯১-১৭ নম্বৰৰ গোচৰ ৰুজ কৰাৰ পিছতো আজিলৈকে দোষীক কৰায়ত্ত নকৰাত ৰাইজে ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।

বিধায়কৰ গুণ্ডাগিৰি বন্ধ কৰক, শ্বেৰমান আলী গ’ বেক, শ্বেৰমান আলীক শাস্তি দিয়ক, বিধায়কৰ দুৰ্নীতি বন্ধ কৰক আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে।