
দেৰগাঁওঃ লাজুকী বান্দৰ সোণালী বান্দৰ, মলুৱা বান্দৰ, হলৌ বান্দৰ৷ হয়, বান্দৰৰ নান প্ৰজাতি আছে৷ কিন্তু কোন প্ৰজাতিয়ে নিদ্ৰা হৰণ কৰিছে ৰাইজে সেই কথা অৱগত নহয়৷ কিন্তু বান্দৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ল ৰাইজ৷ কিয়নো বান্দৰে নিদ্ৰা হৰিছে শ-শ পৰিয়ালৰ৷ জাকে জাকে বান্দৰে ২৪ ঘন্টাই উপদ্ৰৱ কৰিলে প্ৰতিবাদ কৰিবই লাগিব৷
গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দা-ধৰাত ঘৰৰ পৰা ওলাই আহিল মহিলা৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথলৈ আহি বৃহস্পতিবাৰে কেইবাটাও মহিলা সংগঠনে বান্দৰৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। দেৰগাঁও অঞ্চলৰ অন্তৰ্গত দা-ধৰা, কাকডোঙা, বঙালগাঁও, মিছামৰা তথা দেৰগাঁৱৰ দাতিকাষৰিয়া অঞ্চলত দীৰ্ঘদিনৰ পৰা বান্দৰৰ উপদ্ৰৱৰ ফলত ব্যাপক সমস্যাত পৰিছে ৰাইজে৷
চৰকাৰ তথা বন বিভাগক বান্দৰৰ জাকক খেদি পঠাবলৈ ৰাইজে বাৰাম্বাৰ আহ্বান জনাই আহিছে যদিও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰশাসনে বান্দদ জাক খেদাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও প্ৰতিশ্ৰুতিপালন নকৰাত ক্ষোভিত ৰাইজে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ এঘণ্টা সময় অৱৰোধ কৰে। ঘাই পথ অৱৰোধৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি হয়।
বান্দৰৰ উপদ্ৰৱৰ বাবে স্থানীয় ৰাইজে খাদ্য, ফল-মূল, পাত, খাদ্য, খেতি, শস্য আৰু পাচলি আদি খাই নষ্ট কৰে৷ ভাত ৰান্ধি থব যাৱ নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে৷ বান্দৰৰ আক্ৰমনত কেইবাজনো লোক আহত হ’বলগীয়া হৈছে৷ সদৌ অসম বাৰ্লাক মহিলা মঞ্চ, দা-ধৰা জাগৰণ মহিলা সমিতিকে ধৰি বিভিন্ন মহিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়া হোমেন গোহাঁই বৰুৱা, আৰক্ষী উপস্থিত হৈ প্ৰতিবাদ কাৰিৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰি সমস্যা সমাধানৰ আশ্বাস দিয়ে৷