চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ দুৰ্নীতিত লিপ্ত অধ্যক্ষ, নিলম্বনৰ দাবী

চাবুৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহভূমিত অৱস্থিত একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডি ডি আৰ মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন কেন্দ্ৰীক সংঘাটে চৰম পৰ্যায় অতিক্তম কৰিছে। উল্লেখ্য যে, অধ্যক্ষগৰাকীয়ে ১৮ ছেপ্তেম্বৰ তাৰিখে মনোনয়ন পত্ৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰাৰ লগতে দাখিল কৰাৰ সময় সীমা বান্ধি দিয়ে৷ 

কিন্তু ২০ ছেপ্তেম্বৰ তাৰিখে মনোনয়ন পত্ৰ পৰীক্ষা কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষই সম্পূৰ্ণ পক্ষপাতমূলক ব্যৱস্থাৰে একাংশ নিজ সমৰ্থিত ছাত্ৰ-ছাত্ৰীক বাছনি কৰি বাকী ছাত্ৰ-ছাত্ৰীসকলৰ মনোনয়ন বাতিল কৰে। এই কাৰ্যত ক্ষুণ্ণ হৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ২১ ছেপ্তেম্বৰ তাৰিখে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীক কলেজত গেটৰ সন্মুখত প্ৰবেশ কৰাত বাধা দি অধ্যক্ষগৰাকীৰ সন্মুখতে বিভিন্ন ধৰণৰ শ্ল’গান দি অধ্যক্ষগৰাকীৰ প্ৰতিমূৰ্তী দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

ছাত্ৰ-ছাত্ৰীসকলে চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ বহী ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা, মহাবিদ্যালয়ৰ চি চি টিভি ফুটেজ পৰীক্ষা কৰা, মনোনয়ন পত্ৰ পুনৰ পৰীক্ষণ কৰাৰ লগতে দুৰ্নীতিগ্ৰস্ত অধ্যক্ষক নিলম্বন কৰাৰ দাবীত এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে৷ 

উক্ত দিনাই মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীসকলক মহাবিদ্যালয়ৰ গেটৰ সন্মুখতে কেইবাখনো বাইকত উঠি অহা অচিনাক্ত যুৱক কেইজনমানে বিভিন্ন ধৰণৰ অশ্লীল ভাষাৰে আক্ৰমণ কৰে৷ ইয়াৰ প্ৰতিবাদত পিছদিনা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাত শিক্ষাগ্ৰহণ কৰোতে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চাবুৱাৰ প্ৰায় ৪ টা সংগঠনে ৰাজপথত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। 

তাৰ পিছতেই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষৰ এই সংবিধান বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি অধ্যক্ষক নিলম্বনৰ দাবী জনায়৷

কিন্তু একাংশ ৰাজনৈতিক নেতাৰ আশীৰ্বাদপুষ্ট অধ্যক্ষজনৰ বিৰুদ্ধে এতিয়ালৈকে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা সৰ্বা চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ছাত্ৰ-ছাত্ৰী তথা সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷