
newsnextone.com | সোণাৰি চাপৰিঃ লক্ষিমপুৰ জিলাৰ উচ্চ মাধ্যমিক বিদ্য়ালয় সমূহৰ অন্তৰ্গত কেঁকুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ-শিক্ষক পুলিন শইকীয়াই ছাত্ৰ-ছাত্ৰীক ভাবুকি প্ৰদান কৰাৰ লৈ মঙলবাৰে বিদ্যালয়খনৰ ছাত্ৰী-ছাত্ৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে, দুদিন পূৰ্বে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত অংশগ্ৰহণ নকৰি তথাকথিত শিক্ষকজনে চকীত ভৰি তুলি বহি আছিল। ছাত্ৰ-ছাত্ৰীসকলে সেয়া প্ৰত্যক্ষ কৰি শিক্ষকজনক প্ৰাৰ্থনা সভালৈ মাতিবলৈ যাওতে শিক্ষক পুলিন শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক ওলোটাই ভাবুকি প্ৰদান কৰি খেদি পঠিয়াই।
তথাকথিত শিক্ষকজনৰ এনে অভৱ্য আচৰণৰ প্ৰতিবাদ জনাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে মঙলবাৰে শ্ৰেণী বৰ্জন কৰি শিক্ষকজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে, পুলিন শইকীয়া কেঁকুৰি জামুগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল যদিও পিছত বিদ্যালয় সংযোগীকৰণৰ ফলত তেওঁ কেকুঁৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে সংযুক্ত হয়।