নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দুলীয়াজান-বালিপৰা-ঢেকীয়াজুলি-নলবাৰীত প্ৰতিবাদ

তেজপুৰ টাউন/ঢেকীয়াজুলি/দুলীয়াজান/নলবাৰীঃ সোমবাৰে অসমৰ দল-সংগঠনে এক নজিৰ সৃষ্টি কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তক ৰাজ্যৰ সচেতন দল-সংগঠন, বুদ্ধিজাৱী, সাংবাদিক, ছাত্ৰ নেতা তথা ব্যক্তি বিশেষে অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন নকৰাৰ কথা সোমবাৰে স্পষ্ট কৰে৷ 

মহানগৰীৰ খানাপাৰাত অসমৰ দল-সংগঠন একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে ৰাজ্যৰ জনসাধৰণে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ অসমৰ জাতীয় দল-সংগঠন, কন্ঠশিল্পী, অভিনেতা, বুদ্ধিজীৱী, ব্যৱসায়ী, সাংবাদিকে সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছে৷ 

আনহাতে যুটীয়া সংসদীয় সমিতিয়ে খানাপাৰত সাক্ষ্য গ্ৰহণ কৰি থকাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে৷ জাতিৰ কথা, মাটিৰ কথাকৈ 
শাসনৰ গাদীত বহি বিজেপিয়ে সকলো পাহৰি গ’ল বুলি সংগঠন সমূহে অভিযোগ উত্থাপন কৰে৷ এতিয়া তেওঁলোকৰ মনত নপৰে ৮৫৫ জন শ্বহীদলৈ৷ শ্বহীদলৈ মনত নপৰে বাবেই তেওলোকে বাংলাদেশী অসমলৈ আনিব খোজে৷ 

৬ বছৰীয়া অসম আন্দোলনৰ ফলত অৰ্ধসামৰিক বাহিনীৰ গুলীত প্ৰাণ দিছিল ৮৫৫ গৰাকী লোকে৷ মুলত বিদেশীক অসমৰ পৰা বহিস্কাৰ কৰাৰ দাবীত আন্দোলন কৰা হৈছিল৷ কিন্তু আজি সেই সকলেই অসমলৈ বিদেশী আনিব খোজে ক্ষোক্ষ ব্যক্ত কৰে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে৷

NNO তেজপুৰ টাউনঃ ১৯৭১ ৰ ২৪ মাৰ্চৰ পাছত অহা কোনো বিদেশীকে অসমত সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰি সোমবাৰে বালিপৰাত কেইবাটাও সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম সেনা, অগপ, কংগ্ৰেছ আৰু আমছুৱে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি বিজেপি চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰে অসমত অবৈধ বিদেশী সংস্থাপন কৰিলে অসমীয়া জাতীৰ বাবে সৰ্বানন্দ সোণোৱাল কলংকিত নায়ক হৈ ৰব বুলি কয়।

NNO দুলীয়াজানঃ তৈল নগৰি দুলীয়াজানত উত্তাল প্ৰতিবাদ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, গোৰ্খা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দ’ল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷

NNO ঢেকীয়াজুলিঃ সদৌ অসম ছাত্ৰ সন্থাৰ ঢেকীয়াজুলি সমিতিয়ে সোমবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ আছুই ৰাজ পথ উত্তাল কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰে৷

NNO নলবাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। নলবাৰী চহৰস্থিত নলবাৰী জিলা যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায় চৰকাৰক৷