
ৰঙিয়া/তিনিচুকীয়াঃ ৰাজ্যৰ কেইবা ঠাইত মঙলবাৰে পুৱাৰে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মজদুৰ ইউনিয়নে প্ৰতিবাদ সাব্যস্ত কৰে৷ ডিব্ৰুগড়, লামডিং, ৰঙিয়া, তিনিচুকীয়া আদি ঠাইত কেইবাটাও দাবী পুৰণৰ দাবীত ৭২ ঘণ্টীয়া অনশনত বহে মজদুৰ ইউনিয়নৰ নেতা-কৰ্মীয়ে৷
নতুন পেঞ্চন নীতি বাতিল কৰি পূৰ্বৰ পেঞ্চন নীতি বাহাল ৰখা, নুন্যতম বেতন আৰু ফিটমেন নীতি সংশোধন কৰা, ভাৰতীয় ৰেলত আউটছোৰ্চিঙকে ধৰি ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰা, খালী পদসমূহ শীঘ্ৰে পূৰণ কৰা, শ্ৰমিক-কৰ্মচাৰীৰ কৰ্ম সময় হ্ৰাস কৰা, ৰেলৰ ৰানিং ষ্টাফৰ ভাট্টা সম্পৰ্কীয় বিষয়সমূহ নিষ্পত্তি কৰা, ছুপাৰভাইজাৰ পদসমূহ গ্ৰুপ-বি’লৈ উন্নীত কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰি ৰঙিয়া, ডিব্ৰুগড়, তিনিচুকীয়াত প্ৰতিবাদ সাব্যস্ত কৰে ৰেল কৰ্মচৰীয়ে৷
মঙলবাৰে পুৱাৰে পৰা ৰঙিয়া ৰেল জংচনত ৭২ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰে৷ ৰঙিয়াত এই অনশন কাৰ্যসূচীৰ নেতৃত্ব দিছে ইউনিয়নৰ ৰঙিয়া সংমণ্ডল শাখাৰ আহ্বায়ক ধীৰেন কলিতা, সভাপতি নগেন ডেকা আৰু সম্পাদক কমল কলিতাই৷ পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা অনশন কাৰ্যসূচী অহা ১১ মে’ৰ পুৱা ১০ বজাত অন্ত পৰিব৷ আহ্বায়ক ধীৰেন কলিতাই কয় যে চলিত বৰ্ষৰ ১৩ মাৰ্চত ইউনিয়নে ৰূপায়ন কৰা গণবিক্ষোভ কাৰ্যসূচীৰ সময়ত কেন্দ্ৰীয় ৰেলমন্ত্ৰীয়ে শ্ৰমিক-কৰ্মচাৰীসকলৰ দাবীসমূহ পূৰণৰ ব্যৱস্থা কৰা হ’ব বুলি মুকলিকৈ আশ্বাস দিছিল যদিও এই পৰ্যন্ত এই দিশত কোনো পদক্ষেপ হাতত লোৱা নাই৷
চৰকাৰে বছৰৰ পিছত বছৰ ধৰি ৰেলৰ শ্ৰমিক-কৰ্মচাৰীসকলৰ দাবীসমূহৰ প্ৰতি পিঠি দি আহিছে৷ এনে পৰিপ্ৰেক্ষিতত মজদুৰ ইউনিয়নে সম্প্ৰতি সমগ্ৰ দেশব্যাপী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ অসমতো ৰঙিয়া, লামডিং আৰু তিনিচুকীয়া সংমণ্ডলৰ অধীনৰ অসংখ্য ষ্টেচনত এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ তিনিচুকীয়াতো এনএফ ৰে’লৱে মজদুৰ ইউনিয়নে মঙলবাৰে পুৱাৰে পৰা ৭২ ঘণ্টীয়া অৱস্থান কাৰ্যসূচী পালন কৰে।