
ডিব্ৰুগড়ঃ অসমৰ তৈল ক্ষেত্ৰ কোনো কাৰণত ব্যক্তিগত খণ্ডৰ হাতলৈ যাব নিদিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷ এই হুংকাৰ প্ৰদান কৰি শনিবাৰৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘন্টীয়া অইল বন্ধ কাৰেযসুচী ঘোষণা কৰে সংগঠনটোৱে৷ ৰাজ্যৰ সংকট কালত তথা জনমত গঢ়াৰ স্বাৰ্থত প্ৰতিটো সমস্যা সন্দৰ্ভত সততে সক্ৰিয় ভূমিকা পালন কৰি অহা অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে কেন্দ্ৰীয় চৰকাৰে পুনৰ অসমৰ কেইবাখনো তৈলক্ষত্ৰ বহিৰাগতক গতাই দিব খোজা কাৰ্যক তীব্ৰ বিৰুদ্ধাচৰণ কৰে৷
সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে শনিবাৰে ডিকমত অইল কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ কাৰ্যালয় বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি প্ৰিয়ব্ৰত গোহাঁই, সাধাৰণ সম্পাদক ৰাজীৱ গগৈ আৰু সাংগঠনিক সম্পাদক উদয়ন বৰুৱা নেতৃত্বত ডিকম আৰু চাবুৱা আঞ্চলিক সমিতিৰ সহযোগিতাত অইল অৱৰোধ কৰে৷
কেন্দ্ৰীয় চৰকাৰে অচ্ছে দিনৰ শ্ল’গান আঁওৰাই অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ অধীনস্থ ৬ খনকৈ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰে পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নীৰৱ ভূমিকাক সমালোচনা কৰি জাতি বিৰোধী ভূমিকা লোৱা বুলি কয়৷ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত অতিশীঘ্ৰে বাতিল কৰাৰ দাবীত সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে ৪ নৱেম্বৰৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া অইল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছিল। যদি জাতি বিৰোধী সিদ্ধান্ত বাতিল নকৰে তেন্তে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলা হ’ব বুলি ডিব্ৰুগড় জিলা সমিতিয়ে হুংকাৰ প্ৰদান কৰে৷