
চৰাইদেউঃ বাংলাদেশী খেদাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি দলে চৰকাৰ গঠন কৰাৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পাহৰি গৈছে৷ জাতি, মাটি, ভেটিৰ কথাকো পাহৰি গ’ল বিজেপিয়ে৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্যৰ চৰকাৰে অসমত বাংলাদেশী সংস্থাপন কৰিবৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে বুলি প্ৰচাৰ হৈ থকাৰ লগে লগে পুনৰাই সৰৱ হৈছে অসমৰ ৰাইজ৷
চৰকাৰে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দি অসমত সংস্থাপিত কৰাৰ অপচেষ্টাৰ বিৰুদ্ধে পুনৰ দল-সংগঠন সৰৱ হৈ উঠিছে৷ চৰাইদেউ জিলাৰ সোণাৰিত টাই আহোম যুৱ পৰিষদে সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ চৰাইদেউ জিলা সমিতিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
বিজেপি দলে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি অসমক জাপি দি থলুৱা অসমীয়াৰ অস্তীত্ব ধ্বংস কৰিব খোজা কাৰ্যৰ তীব্ৰ বিৰুদ্ধাচৰণ কৰে টাই আহোম যুৱ পৰিষদে৷ সংগঠনটোৰ নেতা-কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্ল’গানেৰে দি ধৰ্মৰ নামত ৰাজনীতি নকৰিবলৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰে৷