
দিল্লীঃ কৃষকৰ সমস্যা নেতা তথা ৰাজ্যৰ প্ৰতিটো সমস্যা, চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত মাতি অহা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত প্ৰতিবাদ আজিও অব্যাহত আছে৷ ডিব্ৰুগড় জিলা আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা ১৪ দিন পুৰ্বে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ৰাজ্যজুৰি একাংশ সংগঠনে উত্তাল প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে এই অখিলৰ মুক্তিৰ দাবীত উত্তাল হ’ল দেশৰ ৰাজধানী দিল্লী৷
ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা অখিলক মুক্তি দিয়াৰ দাবীত বিভিন্ন সংগঠনে প্ৰতিবাদ জনাই অহাৰ সময়তে সোমবাৰে ডিব্ৰুগড়ৰ আদালতৰ ভিতৰতে গৃহ বিভাগে অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি পুনৰ আটক কৰে অখিলক৷ ৰাষ্ট্ৰদ্ৰোহ তথা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধিনত গ্ৰেপ্তাৰ কৰা অখিলক মুক্তিৰ দাবীত বৃহস্পতিবাৰে দিল্লীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেবাশতাধিক লোকে৷

বৃহস্পতিবাৰে দুপৰীয়া ৩ বজাৰ পৰা কেবাশতাধিক লোকে দিল্লীৰ অসম ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি অখিলক ৰাষ্ট্ৰদ্ৰোহ তথা ৰাষ্ট্ৰীয় নিৰপত্তা আইনৰ অধিনত গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনায়৷ দিল্লীৰ একচন সমিতি ফৰ আছাম নামৰ সংগঠনটোৰ আহ্বানত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে প্ৰতিবাদকাৰীসকলে৷
প্ৰতিবাদ আৰম্ভ হোৱাৰ পুৰ্বৰ পৰাই অৰ্ধসামৰিক বাহিনী-দিল্লী আৰক্ষীয়ে সুৰক্ষা বেষ্টনী গঢ়ি তোলাৰ সময়তে প্ৰায় দুই ঘন্টা সময় বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে দিল্লীত অধ্যয়ণৰত বিভিন্ন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, বিশাষ্ট নাগৰিক, সমাজকৰ্মীয়ে৷
প্ৰতিবাদত দেশৰ কেবাগৰাকী বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে৷ কৃষক নেতা কৃষ্ণ প্ৰসাদ, বিশিষ্ট নাগৰিক ডাঃ সুনীলম, নেচনেল মুভমেন্ট ফৰ পিপুলছ এলায়েন্সৰ নেতা ভুপেন্দৰ ৰাৱাট, নিউ ছ’ছিয়েলেষ্ট ইনিচিয়েটিভৰ নেতা নৱীন চন্দৰ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা অম্ৰপালি বসুমতাৰী, জৱাহাৰলাল নেহেৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি মোহন পাণ্ডেই প্ৰতিবাদত অংশ লয়৷

দেশৰ আগশাৰীৰ লোকসকলে অখিল গগৈক ৰাষ্ট্ৰীয় নিৰপত্তা আইনৰ অধিনত পুনৰ আটক কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ বিশিষ্ট নাগৰিকসকলে অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনায়৷ অখিল গগৈক কিয় কাৰাৰুদ্ধ কৰা হ’ল চৰকাৰৰ পৰা উত্তৰ বিছাৰে৷
কৃষক মুক্তি সংগ্ৰাম সমিতিক চৰকাৰে কিয় ভয় কৰিছে বুলি কৈ বিশিষ্ট লোকসকলে প্ৰথমে অখিলক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত পুনৰ ৰাষ্ট্ৰীয় নিৰপত্তা আইনৰ অধিনত গোচৰ কৰা কাৰ্যক উভতি ধৰি এয়া ভাৰত ৰাষ্ট্ৰৰ কাম নে বৰ্তমানৰ অসম-দিল্লীৰ নেতৃত্বত থকা বিজেপিৰ কাম বুলি প্ৰশ্ন কৰে৷
বৰ্তমানৰ চৰকাৰখনে আৰএছএছ আৰু বিজেপিৰ সাম্প্ৰদায়ীকতাৰ বিৰুদ্ধে অন্যায় উৎপীড়নৰ বিৰুদ্ধে মাত মতা লোকক তথা সমাজকৰ্মীক বৰ্বৰোচিত ভাবে ৰাষ্ট্ৰযন্ত্ৰৰ অপপ্ৰয়োগ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে৷ প্ৰতিবাদী কন্ঠ ৰোধ কৰিবলৈ বিজেপি-আৰআৰএছে প্ৰতিজ্ঞাবদ্ধ হোৱা বুলি কয় প্ৰতিবাদকাৰীসকলে৷

পুৰ্বৰ কংগ্ৰেছ চৰকাৰেও অখিলক গ্ৰেপ্তাৰ কৰিছিল৷ বৰ্তমানৰ ফেচিবাদী চৰকাৰখনে কংগ্ৰেছক অনুসৰণ কৰি প্ৰতিবাদী কন্ঠক মষিমুৰ কৰিব বিছাৰিছে৷ অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গণ ভিত্তীক লৈ বিজেপি আৰু সাংগো-পাংগোসকলৰ বাবে মুৰৰ কামোৰ হৈ পৰিছে তাৰ বাবে সংগঠনটোৰ লগতে অখিলৰ মুখ বন্ধ কৰিবলৈ সকলো চেষ্টা অব্যাহত ৰখা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীয়ে৷
প্ৰতিবাদক মষিমুৰ কৰাৰ বাবে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তথা ৰাষ্ট্ৰীয় নিৰপত্তা আইনৰ অধিনত মানুহক গ্ৰেপ্তাৰ কৰাটো সহজ৷ দেশ, জাতী, ৰাষ্ট্ৰৰ সংজ্ঞা, সাংবিধানিক আৰু গণতান্ত্ৰীক অধিকাৰ মুল্যবোধৰ সন্দৰ্ভত বিজেপি নিৰক্ষৰ আৰু অন্ধ৷ বিজেপি আৰু আৰআৰএছে জননেতাসকলক সহজে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰি কাৰাগাৰৰ অন্ধ কোঠালিত ৰাখিব বিছাৰে৷ কিয়ণো তেওলোকে ভয় কৰে জন সমৰ্থন থকা নেতাক৷
তেওলোকে শাসনৰ বাঘজৰি হাতত লৈ গণতন্ত্ৰত বিশ্বাসী লোকক দমণৰ চেষ্টা অব্যাহত ৰাখিছে বুলিও কয় প্ৰতিবাদকাৰীসকলে৷ প্ৰতিবাদৰ অন্তত অসম ভৱনৰ আৱাসীক আয়ুক্ত অজয় শুক্লাক অখিলক মুক্তি দিয়াৰ দাবী জনায় অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে৷ দিল্লীৰ একচন সমিতি ফৰ আছাম নাম সংগঠনটোক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণত সহয় কৰে দেশৰ কেবাটাও আগশাৰীৰ সংগঠনে৷
নেচনেল এলায়েন্স ফ’ৰ পিপলছ মুভমেণ্ট, নিউ ছ’ছিয়েলেষ্ট ইনিচিয়েটিভ, জৱাহাৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা, জৱাহাৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ অসম অধ্যয়ম কেন্দ্ৰ, অল ইণ্ডিয়া ষ্টুডেন্টছ এছোচিয়েচন, ষ্টুডেন্টছ ফেডাৰেচন অৱ ইণ্ডিয়া, বিৰছা আম্বেদকাৰ ফুলে ষ্টুডেন্টছ এছছিয়েচন, অল ইণ্ডিয়া কৃষক সভাৰ লগতে দেশৰ আগশাৰীৰ কেবাটাও সংগঠনে অংশ গ্ৰহণ কৰে৷