
খেৰণিঃ মঙলবাৰে ফ্ৰেমৱাৰ্ক এগ্ৰিমেন্টৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহিল ডিমাছা জনগোষ্ঠীৰ আৱাল, বৃদ্ধ, বনিতা ডেকা৷ ডিমা হাছাওৰ দিয়ুংব্ৰাত কেইবাটাও ডিমাছা জাতীয় সংগঠনৰ নেত্বত ৰাজ পথলৈ ৰাইজ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
দিয়ুংব্ৰা থানৰ সমীপত ৰাজপথ অৱৰোধ কৰি ৰাজ্যত নগা ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ পুনৰ ডিমা হাছাওৰ মাইবং আৰু হাফলঙত নাগালিম চুক্তি আৰু চেটেলাইট কাউন্সিল গঠনৰ বিৰোধিতা জনাই ডিমা হাছাওৰ অল এপেস্ক বডি-য়ে ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।
ডিমা হাছাওৰ অল এপেস্ক বডি, দিয়ুংব্ৰা জালাই হচম, সদৌ ডিমাছা ছাত্র সংস্থা, ডিমাছা ছাত্র সংস্থা, গাঁওবুঢ়া সংস্থা, কেইবাটাও স্বেচ্ছাসেৱী সংগঠনকে ধৰি দল সংগঠনৰ নেতা-কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। নাগালিম চুক্তি আৰু চেটেলাইট কাউন্সিল গঠনৰ বিৰোধি কৰি ডিমা হাছাওৰ অল এপেস্ক বডিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে।
আনহাতে প্ৰতিবাদী কাৰ্যসূচীত অংশ লবলৈ ওলাই অহা অৱৰোধকাৰীক আৰক্ষীয়ে দিয়ুংব্ৰাতে বাধা আৰোপ কৰে। ফলত পুৱাৰে পৰা দিয়ুংব্ৰাত আবদ্ধ হৈ পৰা অৱৰোধকাৰীয়ে দিয়ুংব্ৰাত সৃষ্টি কৰে এক উত্তাল পৰিৱেশৰ। অৱশেষত ৰেল অৱৰোধ কাৰ্যসূচীৰ বিপৰীতে উপায়হীন হৈ দিয়ুংব্ৰা থানৰ সমীপতে ৰাজপথ অৱৰোধ কৰে।
সহস্ৰাধিক লোকে পথ অৱৰোধ কৰি তেজ আৰু প্রাণ দিম, কিন্তু মাটি এক ইঞ্চিও নিদিও নাগালেণ্ডক নিদিওঁ, নাগালিম গ'বেক, ন এ চি এন গ'বেক আদি ধ্বনিৰে সমগ্ৰ দিয়ুংব্ৰা অঞ্চলৰ আকাশ-পাতল কঁপাই তোলে ৰাজপথত কৰে প্ৰতিবাদেৰে।