
জোনাইঃ অগপ, বিজেপি আৰু বিপিএফ মিত্ৰ জোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্মীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিলেও দুৰ্নীতি যেন আজিও সংঘটিত হৈ আহিছে৷ আনহাতে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো তদন্ত ঘোষণা নকৰে প্ৰশাসনে৷ যেতিয়ালৈ দল-সংগঠন তথা ৰাইজে যেতিয়ালৈ ৰাজ পথলৈ ওলাই নাহে তেতিয়ালৈকে তদন্ত ঘোষণা নকৰে প্ৰশাসনে৷
তাৰ মাজতে চৰকাৰে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকৰ বাবে যোগান ধৰা ১২০০০ কুইন্টল আটা কেলেংকাৰীয়ে উত্তপ্ত কৰি ৰাখিছে জোনাই মহকুমা৷ দৰিদ্ৰ লোকৰ বাবে সুলভ মুল্যত যোগান ধৰা চাউল-আটা সমূহ সুলভ মূল্যৰ দোকানীয়ে ২০১৫-২০১৭ চনৰ এপ্ৰিল মাহলৈকে হৰলুকি কৰি ধন ঘটাৰ অভিযোগ উত্থাপন হৈছে জোনাই মহকুমা৷ প্ৰায় ১২ হাজাৰ কুইন্টল আটা যোগান বিষয়াৰ মিলি হৰলুকী কৰাৰ ঘটনাৰ তদন্ত কৰাৰ দাবীত শনিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতিয়বাদী যুৱ পৰিষদে।

অসম জাতিয়বাদী যুৱ পৰিষদৰ জোনাই মহকুমা সমিতি আৰু মহিলা পৰিষদৰ উদ্যোগত জোনাই মহকুমা সদৰৰ ৰাংকপ তিনিআলিৰ পৰা তিনি শতাধিক পুৰুষ-মহিলাই সমদল কৰি আমাৰ দাবী মানিবই লাগিব, আটা চোৰক গ্ৰেপ্তাৰ কৰক, চাউল চোৰক গ্ৰেপ্তাৰ কৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ জোনাইৰ সহকাৰী আয়ুক্ত সঞ্জীৱ কুমাৰ ফুকনক আটা কেলেংকাৰীৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদণ্ড কৰা, আটা কেলেংকাৰীত জড়িত লোকক উচিত শাস্তি প্ৰদান কৰা আৰু খাদ্য সুৰক্ষা আঁচনিৰ জড়িয়তে আহা সামগ্ৰী সমূহৰ হিতাধিকাৰীসকলে পোৱাটো নিশ্চিত কৰাৰ দাবী জনায় স্মাৰক পত্ৰ প্ৰদান কৰে৷