
উৰিয়ামঘাটঃ সোমবাৰে ধনশিৰি মহকুমাধিপতিৰ কাৰ্যালয়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰপথাৰ অাৰু সৰুপথাৰ শাখা সমিতিয়ে বগীধলা চাহ বাগিচাৰ মালিকে ১৬ জন শ্ৰমিকক গুলীয়াই অাহত কৰা ঘটনাৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
দুই ঘন্টীয়া ধৰ্ণা কাযৰ্সূচী পালন কৰাৰ লগতে মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে বাগিচাৰ মালিক সুধীৰ ৰয় অাৰু সমীৰ ৰয়ক কঠোৰ শাস্তি প্ৰদান কৰা, অাহত শ্ৰমিকক উপযুক্ত চিকিৎসা প্ৰদান কৰা, বাগিচাৰ তলা শীঘ্ৰে খুলি দিয়া, দীৰ্ঘ দিন ধৰি শ্ৰমিকসকলৰ অনাদায় বকেয়া ধন, পি এফ অাদায় দিবলৈ দাবী জনায় সংগঠনটোৱে।