অসমৰ সমস্যা সমাধানৰ দাবীত শিক্ষাৰ্থী ৰাজপথত নামিবই, উত্তৰ শালমাৰাত আছুৰ প্ৰতিবাদ

newsnextone.com | অভয়াপুৰীঃ চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীক আন্দোলনৰ নামত ৰাজপথত নমাৰ ক্ষেত্ৰত বাধা প্ৰদানেৰে চৰকাৰে নতুন আইন প্ৰবৰ্তন কৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰি অসমীয়াৰ জনস্বাৰ্থ মষিমূৰ কৰাৰ বিৰুদ্ধেও গৰজি উঠিছে ৰাজ্যবাসী৷ 

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ লহৰ বৈ থকাৰ সময়তে অভয়াপুৰীৰ সমীপবৰ্তী উত্তৰ শালমাৰাত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ শালমাৰা আঞ্চলিক সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। 

আছুৰ উত্তৰ শালমাৰা আঞ্চলিক সমিতিৰ উদ্যোগত লগতে স্থানীয় ৰাইজৰ সহযোগত মঙলবাৰে হাতে হাতে প্লে’কাৰ্ড লৈ উত্তৰ শালমাৰা চিলাৰায় জাতীয় বিদ্যালয়ৰ পৰা উত্তৰ শালমাৰা চ’কলৈ সমদল কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। 

কাৰ্যসূচীত অংশগ্ৰহণ কৰা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক’, ‘বিজেপি চৰকাৰ গ বেক’ আদি বিভিন্ন শ্ল’গানেৰে উত্তৰ শালমাৰা উত্তাল কৰি তোলে। 

চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীক আন্দোলনত প্ৰয়োগ কৰিব নোৱাৰিব বুলি চৰকাৰে প্ৰণয়ন কৰা আইনখনৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ শালমাৰা আঞ্চলিক সমিতিয়ে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা জনাই মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক অঞ্জন কলিতাই চৰকাৰৰ এই সিদ্ধান্তক কঠোৰ ভাৱে সমালোচনা কৰি কয় যে অসমৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত আছুৰ নেতৃত্বত শিক্ষাৰ্থী ৰাজপথত নামিবই। চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ নকৰিবলৈও সকিয়াই দিয়ে আছু নেতাগৰাকীয়ে৷