প্ৰতিবাদত কংগ্ৰেছ, বিধেয়ক বাতিল নহ’লে জংগী আন্দোলন কৰা হ’ব

newsnextone.com | তেজপুৰঃ ৰাজ্যত হিন্দু বাংলাদেশী সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীতকৰণৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন৷

অসমে কেতিয়াও হিন্দু বাংলাদেশীৰ বোজা গ্ৰহণ নকৰে বুলি দাবী কৰি দল-সংগঠনসমূহে ৰাজপথলৈ ওলাই আহি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷ 

আনহাতে হিন্দু বাংলাদেশীৰ সংস্থাপনে অসমত অসমীয়াৰ অস্তিত্ব নহোৱা কৰিব বুলি দাবী উত্থাপন কৰি দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিজন অসমীয়াক ওলাই আহিবলৈ আহ্বান জনাইছে৷

এতিয়াই যদি প্ৰতিবাদ নকৰে, তেন্তে এদিন নিজৰ মাটিতে ভগনীয়া হ’ব লাগিব বুলি সতৰ্ক কৰি দি গণসচেতনতা গঢ়ি তুলিবলৈ চেষ্টা চলোৱা হৈছে৷

ৰাজ্যৰ বিভিন্ন প্ৰান্ততদল-সংগঠন সমূহৰ প্ৰতিবাদৰ পিছতেই এইবাৰ প্ৰতিবাদত নামিল বিৰোী দল কংগ্ৰেছ৷ সোমবাৰে শোণিতপুৰ জিলাৰ তেজপুৰত অসম জাতীয় কংগ্ৰেছৰ শোণিতপুৰ জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰোধিতা কৰি শোনিতপুৰ জিলা কংগ্ৰেছ সমিতিৰ লগতে প্ৰায় পাচ শতাধিক জনসাধাৰণে তেজপুৰ চহৰৰ মাজমজিয়াত বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷

বিধেয়কখন বাতিল নকৰিলে অনাগত সময়ত জংগী আন্দোলন গঢ়ি তোলাৰো তীব্ৰ ভাবুকি প্ৰদান কৰে শোণিতপুৰ জিলা কংগ্ৰেছ সমিতিৰ বিষয়ববীয়াই৷