বিধায়কৰ সমদলক বাধা দিবলৈ গৈ আৰক্ষীৰ লাঠিচালনা

মৰিয়ণীঃ ৰাজ্যৰ নেতা, মন্ত্ৰী-বিধায়ক ক্ষমতাৰ খোৱা কামোৰাত ব্যস্ত হৈ থকাৰ মাজতে ৰাজ্য়ৰ এগৰাকী চৰকাৰৰ বিৰুদ্ধে উলিয়ালে সমদল। মৰিয়ণী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উলিয়ালে সমদল৷ ৰেলৰ ডিজেল লক ছেদ কাৰ্য্যক্ষম কৰাৰ দাবীত আজি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্ম্মীৰ নেতৃত্বত কেইবাশতাধিক লোক ওলাই আহি প্ৰতিবাদ সাব্য়স্ত কৰে।

মৰিয়নীত ডিজেল চেদ সম্পূৰ্ণ হোৱাৰ পিছতো লামডিংঙলৈ নিবলৈ যোজা কৰাত মৰিয়নীৰ ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰে। এসপ্তাহৰ ভিতৰত দাবী মানি নললে জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে৷

আনহাতে সমদলকাৰীক বাধা দিবলৈ গৈ বিধায়ক ৰূপজ্যোতি কুৰ্ম্মীৰ ওপৰতো প্ৰশাসনে লাঠিচালনা কৰা বুলি প্ৰতিবাদকাৰী তথা কুৰ্ম্মীৰ সমৰ্থকসকলে অভিযোগ উত্থাপন কৰে।

সমদলকাৰীক প্ৰশাসনে প্ৰহাৰ কৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷