বিহালীত কেঁচা চাহপাতৰ মূল্য হ্ৰাসৰ তীব্ৰ বিৰোধিতা কৰি ৩ সংগঠনৰ অৱস্থান ধৰ্মঘট

newsnextone.com | বিহালীঃ সমগ্ৰ উজনি অসমৰ লগতে উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ অন্যতম চাহ অধ্যুষিত অঞ্চল হিচাপে খ্যাত বিহালী বিধানসভা সমষ্টিত কেঁচা চাহপাতৰ দৰ হোৰে হোৰে কমাই বহুাজাতিক চাহ কোম্পানী সমূহে মুনাফা আদায় কৰি অহাৰ সময়তে বিহালীত এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।

ক্ষুদ্ৰ চাহ খেতিয়কৰ এই দূৰ্যোগৰ সময়ত অন্যান্য চাহ সংগঠনসমূহ নিৰৱে থকাৰ সময়তে খেতিয়কসকলক উচিত প্ৰাপ্য আদায় দিয়াৰ দাবীত মঙলবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, বিপ্লৱী যুৱ সন্থা, কৃষক মহাসভাই গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীয়ে এক গুৰুত্বপূৰ্ণ তাৎপৰ্য্য বহন কৰিছে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতি আৰু বিপ্লৱী যুৱ সন্থা তথা কৃষক মহাসভাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত মূলত চাহৰ দৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে গঠন কৰি দিয়া স্বামীনাথন কমিতিৰ পৰামৰ্শ অনুযায়ী খেতিয়কসকলক উচিত মূল্য দিয়া, TMCO কাৰ্যকৰী নকৰা ফেক্টৰী তথা কোম্পানীসমূহ চিনাক্ত কৰি তেওঁলোকৰ ওপৰত ব্যবস্থা গ্ৰহণ কৰা, কেঁচা চাহপাতৰ ওপৰত চলি থকা চিণ্ডিকেটৰাজ বন্ধ কৰা আদি দাবীৰে জিলা প্ৰশাসনৰ ওচৰত কাৰ্যকৰী ব্যবস্থা গ্ৰহণ কৰাৰ বাবে সংগঠনসমূহে দাবী জনায়।