
চৰাইদেউঃ বৃহস্পতিবাৰে উজনি অসমৰ চৰাইদেউত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কেইবাশতাধিক লোকে উত্তাল প্ৰতিবাদ৷ চৰাইদেউৰ নিমনাগড়ৰ অবৈধ কয়লা ডিপোৰ বাতৰি সংগ্ৰহ কৰিব যোৱা সংবাদকৰ্মীক আক্ৰমণৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱাই ৰাজ পথলৈ ওলাই আহে শ-শ ৰাইজ৷ চৰাইদেউ মহকুমা ছাত্র-সন্থা, আটাছু, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, টাইপা, আটছা, গোৰ্খা ছাত্র-সন্থা আৰু চৰাইদেউ প্ৰেছ-গীল্ডৰ উদ্যোগত চৰাইদেউ জিলাৰ ধোঁদৰ আলি অৱৰোধ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
অবৈধ কয়লাৰা ব্যৱসায়, অবৈধ কয়লা ডিপো বন্ধ কৰা, অএনজিচি আৰু কয়লা ব্যৱসায়ত দীৰ্ঘদিন ধৰি চলি থকা ছিণ্ডিকেট উৎখাত কৰা, চৰাইদেউ জিলাৰ নিমনাগড় অবৈধ কয়লা ডিপোত বাতৰি সংগ্ৰহ কৰিব যোৱা সংবাদকৰ্মীক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ অৱৰোধ কাৰ্যসূচীৰ ফলত তীব্ৰ যান-জোঁটৰ সৃষ্টি হয় চৰাইদেউত৷
আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় জিলা খনত৷ সংগঠনকেইটাৰ প্ৰতিবাদত সেও মানি চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনে চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত গঢ়ি উঠা অবৈধ কয়লাৰ ডীপোসমূহ তৎক্ষনিকভাবে উৎখাত কৰাৰ নিৰ্দেশ দিয়ে প্ৰশাসনক৷ ডীপোসমূহ বন্ধ কৰিবৰ বাবে আৰক্ষী বিভাগক নিৰ্দেশ জাৰি কৰে উপায়ুক্তগৰাকীয়ে। জিলা উপায়ুক্তগৰাকীয়ে অবৈধ কয়লা ডীপোসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবৰ বাবেও আৰক্ষীক নিৰ্দেশ দিয়ে।