নিলোৎপল-অভিজিতক স্মৰণ ডিকমবাসীৰ

newsnextone.com | ডিব্ৰুগড়ঃ কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে৷ মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠনে৷ 

এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা ডিকমবাসীয়ে৷ অন্ধবিশ্বাসৰ ফলত সংঘটিত হোৱা এই নাৰকীয় কাণ্ডক সভ্য সমাজৰ বাবে কলংক বুলি অভিহিত কৰে৷ মঙলবাৰে সন্ধিয়া ডিব্ৰুগড় জিলাৰ ডিকম টাউনত নৃশংস অাক্ৰমণৰ বলি হৈ মৃত্যুক অাকোৱালি লোৱা অভিজিৎ নাথ অাৰু নিলোৎপল দাসৰ অাত্মাৰ সদগতি কামনা কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ 

অঞ্জলী গগৈয়ে অাঁতধৰা অনুষ্ঠানত স্থানীয় সমাজকৰ্মী ৰমেশ গোহাঁইৰ লগতে সুবুধ দও, যতীন দও, প্ৰভাত চাহু, সাংবাদিক তপন কুমাৰ শইকীয়াই বন্তি প্ৰজ্বলন কৰি তেওঁলোকৰ অাত্মাৰ সদগতি কামনা কৰে৷ সমাজকৰ্মী ৰমেশ গোহাঁয়ে এই জঘন্য ঘটনাৰ উচিত তদন্ত কৰি ঘটনাৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনায়৷ অানহাতে চাবুৱা বালিজান চাইডিঙত সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ উদ্যোগত অাৰু বালিজানবাসী ৰাইজৰ সহযোগত  শ্রদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত কৰে৷ উক্ত শ্রদ্ধাঞ্জলি কাৰ্যসূচীত সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক উপেন সেনাপতি লগতে জিলা বিষয়-ববীয়া উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে৷