ৰাষ্ট্ৰব্যাপী হ’ব কৃষক নেতা অখিলৰ মুক্তিৰ দাবীত আন্দোলন

ফাইল ফটো
ফাইল ফটো

গুৱাহাটীঃ শনিবাৰে দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ গণ আন্দোলনৰ সৈতে জড়িত নেতাক ডিব্ৰুগড কাৰাগাৰ কৰ্তৃপক্ষই কৃষক নেতা অখিল গগৈক সাক্ষাৎ কৰিবলৈ অনুমতি প্ৰদান নকৰাত জেল কৰ্তৃপক্ষৰ তথা কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাষ্ট্ৰীয় দুয়োগৰাকী নেতা৷ ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে মহাৰাষ্ট্ৰৰ সাংসদ ৰাজু ছেট্টি তথা সৰ্বভাৰতীয় কৃষক সংগ্ৰাম সমিতিৰ নেতা, গণ আন্দোলনৰ সমন্বয়ক মধ্য প্ৰদেশৰ প্ৰাক্তন বিধায়ক ড০ সুনীলমে শনিবাৰে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দুয়োগৰাকী নেতাই অখিলক মুক্তিৰ দাবীত ৰাষ্ট্ৰব্যাপি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে৷

শনিবাৰে ডিব্ৰুগড় জেল কৰ্তৃপক্ষই উপায়ুক্তৰ অনুমতি নথকাৰ বাবে অখিলক সাক্ষাৎ কৰিবৰ বাবে অনুমতি দিব নোৱোৰাৰ কথা উল্লেখ কৰিছিল দুয়োগৰাকী নেতাৰ সন্মুখত৷ অখিলক সাক্ষাৎকাৰৰ পৰা বিফল হোৱাত সাংবাদিকৰ সন্মুখত দুয়োগাৰকী নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমাৰ জীৱনত কেতিয়াও কাৰাগাৰত থকা লোকক সাক্ষাৎকাৰ কৰিবৰ বাবে অনুমতি নোপোৱাকৈ থকা নাই বুলি কৈ কাৰাগাৰৰ নিয়ম উলাংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷

তাৰ পিছতে দেশব্যাপি অখিলক মুক্তিৰ দাবীত আন্দোলন কৰাৰ ঘোষণা কৰে ১৮৪ সংগঠনৰ যৌথ মঞ্চই৷ সাংসদ ৰাজু ছেট্টি সাংসদ হিছাপে তেওক অৱমাণনা কৰা বুলি কৈ এই কথা সংসদত উল্লেখ কৰা হ’ব বুলি কৈছিল৷ কৃষক আন্দোলনৰ অখিলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি কৈ ১৮৪ সংগঠন লগ হৈ উৎপাদিত সামগ্ৰীৰ উচিত মুল্যৰ বাবে প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰে৷ শনিবাৰে নিশাই দুয়ো নেতাই গুৱাহাটীত উপস্থিতি হয়৷ দেওবাৰে মহানগৰীৰ দীঘলীপুখুৰী পাৰত প্ৰায় ৫ শতাধিক লোকৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদস্থলিত বিজেপি শাসিত ৰাজ্য-কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি ১৫ নৱেম্বৰত দিল্লীত অখিলৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰে৷

অখিলক মুক্তিৰ দাবীত এতিয়া দেশব্যাপি আন্দোলন কৰা হ’ব বুলি কৈ যদি আন্দোলন কৰিলে দেশদ্ৰোহী হয় তেন্তে দেশপ্ৰেমীক কোন বুলিও প্ৰশ্ন কৰে দুয়ো নেতাই৷ ৰাজু ছেট্টিয়ে সাংবাদিকৰ সন্মুখত উপায়ুক্ত, মুখ্য সচিব, মুখ্যমন্ত্ৰী, গৃহ সচিব, আৰক্ষী সঞ্চালক প্ৰধানক যোগোযোগ কৰাৰ পিছতো কাৰাগাৰত অখিলৰ লগ ধৰাৰ অনুমতি নিদিয়া বুলি কয়৷ উপায়ুক্তই কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা তেওলোকৰ সমস্ত তথ্য লৈ আবেদনকাৰীৰ গৃহ জিলাত তদন্ত কৰি হে অখিলৰ সাক্ষাৎকাৰৰ অনুমতি দিব নে নাই সিন্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰা বুলিও ক্ষােভ ব্যক্ত কৰে৷

প্ৰতিবাদ স্থলিত আন এগৰাকী ৰাষ্ট্ৰীয় নেতা হান্নান মোল্লাই অংশ লৈ চৰকাৰে বে-আইনি ভাবে অখিলক বন্দী কৰা বুলি কয়৷ ৰাজনৈতিক প্ৰতিশোধ পূৰণৰ বাবে, লোকসেৱা আয়োগৰ কেলেংকাৰী, নগালিম চুক্তি, বৃহৎ নদীবান্ধ, নাগৰিকত্ব সংশোধনি বিধেয়ক আদিৰ বিৰুদ্ধে অহৰহ প্ৰতিবাদ কৰাৰ ফলস্বৰূপে আটক কৰা বুলি কয়৷ দীঘলীপুখুৰী পাৰত প্ৰায় ৫ শতাধিক লোকে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান প্ৰদান কৰে৷ ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা পুৱাৰে পৰা উপস্থিত হয় লোকসকল৷ প্ৰতিবাদস্থলিত ৰাষ্ট্ৰীয় অখিল মুক্তি দাবী সমিতি গঠন কৰাৰ লগতে ইয়াক ৰাষ্ট্ৰীয় ইচ্ছ্যু কৰা হ’ব বুলি কয়৷ প্ৰতিবাদস্থলিত অখিল গৈগক মুক্তি নিদিয়া পৰ্যন্ত প্ৰতিবাদ কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে৷