
মোৰাঝাৰঃ কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত পুনৰ ডবকাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হোজাই জিলা সমিতিয়ে ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ডবকা চহৰত।
কৃষক মুক্তিৰ কেবাশতাধিক কৰ্মীয়ে আজি সন্ধিয়া ডবকাৰ পুলিচ পইন্টৰ কাষত পথ অৱৰোধ কৰি চৰকাৰ বিৰোধী শ্ল’গান দি সমগ্র পৰিবেশ উত্তাল কৰি তোলে।
ইফালে আজি ডবকাত সাপ্তাহিক বজাৰ হোৱা হেতুকে পথ অৱৰোধৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। আনহাতে অতিশীঘ্ৰে যদি কৃষক নেতা অখিল গগৈক চৰকাৰে বিনাচৰ্তে মুকলি কৰি নিদিয়ে তেনেহলে গনতান্ত্ৰিক ভাবে আৰু অধিক জংগী আন্দোলন কৰাৰো ভাবুকি দিয়ে নেতা কৰ্মী সকলে।
কৃষক মুক্তিৰ নেতা আৰিফ উদ্দিনৰ নেতৃত্বত হোৱা প্ৰতিবাদত স্থানীয় ৰাইজেও সহযোগ কৰা পৰিলক্ষিত হয়।