
কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড গঠন আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ প্ৰদানৰ দাবীত এবছু, এনডিএফবি (প্ৰগতিশীল) আৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত আজি কোকৰাঝাৰ আৰু শোণিতপুৰত অনুষ্ঠিত হোৱা ৰেলপথ অৱৰোধৰ ফলত উত্তৰ পূবৰ সৈতে দেশৰ আন প্ৰান্তৰ ৰেলৱে যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰে।
আজি ৰাতিপুৱা ৫ বজাৰে পৰা কোকৰাঝাৰ ৰেলৱে ষ্টেচন আৰু শোণিতপুৰ জিলাৰ বাতাচিপুৰস্থিত ঢেকিয়াজুলি ৰোড ৰেলৱে ষ্টেচনত পিকেটিংকাৰীয়ে ৰেলপথ অৱৰোধৰ কৰাৰ ফলত উত্তৰ পূবৰ সৈতে দেশৰ আন প্ৰান্তৰ ৰেলৱে যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰাৰ ফলত ৰেলযাত্ৰী সকল ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হয়।

বড়োসকলৰ দীৰ্ঘদিনীয়া দাবী পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰা আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষা প্ৰদানৰ দাবীত হাজাৰ হাজাৰ এবছু, এনডিএফবি(প্ৰগতিশীল) আৰু পিজেএচিবিএমৰ কৰ্মী, সদস্য, সমৰ্থকে কাহিলীপুৱাৰে পৰা কোকৰাঝাৰ ৰেলপথত অৱস্থান গ্ৰহণ কৰে।
কেইবা সহস্ৰাধিক পিকেটিংকাৰীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ ৰেলপথত অৱস্থান গ্ৰহণ কৰাত উজনিমুৱা আৰু নামনিমুৱা সকলোধৰণৰ ৰে'লৰ চলাচল স্তব্ধ হৈ পৰে। পিকেটিংকাৰীসকলে ৰেল পথত অৱস্থান গ্ৰহণ কৰি ভাৰত চৰকাৰ হুচিয়াৰ, ন বড়োলেণ্ড ন ৰেষ্ট, আমাক বড়োলেণ্ড লাগিবই, উই ওয়ান্ট আৱাৰ লেণ্ড, আৱাৰ লেণ্ড ইছ বড়োলেণ্ড, এই ভূমি আমাৰেই, আমাৰ ভূমি আমাক লাগিবই, ন জাষ্টিছ ন ৰেষ্ট আদি শ্ল’গান দি উত্তাল কৰি তোলে।

ৰে'ল অৱৰোধৰ ফলত বৰপেটাৰোড ষ্টেচনত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ, নিউ বঙাইগাঁও ষ্টেচনত নামনি মুৱা কাঞ্চনজংঘা এক্সপ্ৰেছ, বঙাইগাঁও ষ্টেচনত নামনিমুৱা চন্দীগড় এক্সপ্ৰেছ, বিজনী ষ্টেচনত নামনি মুৱা অৱধ আছাম এক্সপ্ৰেছ, ৰঙিয়া জংচনত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ, কামাখ্যাগুৰী ষ্টেচনত উজনি মুৱা ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ, ফকিৰাগ্ৰাম ষ্টেচনত উজনি মুৱা ইন্টাৰচিটি, পুলিপাৰা ষ্টেচনত উজনিমুৱা শৰাইঘাট এক্সপ্ৰেছ, ছাজেৰপাৰ ষ্টেচনত উজনিমুৱা গান্ধীধাম এক্সপ্ৰেছ আৰু কোলাইগ্ৰাম ষ্টেচনত পুৰ্বত্তৰ সম্পৰ্ক্ৰান্তি যাত্ৰীবাহী ৰেলগাড়ী কেইখন আৱদ্ধ হৈ পৰে।
উত্তৰ পূৱ সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই কমেও চাৰিখন স্থানীয় যাত্ৰীবাহী ৰে'লৰ চলাচল বাতিল কৰে। অৱশ্যে ৰাতিপুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ ৰূপায়িত হ’বলগীয়া অৱৰোধ কাৰ্যসূচী বিয়লি ৩-৩০ বজাত প্ৰত্যাহাৰ কৰাৰ পিছত হে পুনৰাই ৰে'লৰ চলাচল আৰম্ভ হয়৷
কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত আজি ৰাতিপুৱা ৰেলপথ অৱৰোধ কাৰ্যসূচীত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ক্ষমতাত আহিলে বড়ো সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা সত্বেও আজিলৈ সমস্যা সমাধান নকৰিলে বুলি মন্তব্য কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বড়ো সমস্যা সমাধান নকৰিলে নিৰ্বাচনত বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে৷

এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে ক্ষোভেৰে কয় যে বড়োলেণ্ডৰ দাবীত দীৰ্ঘদিনৰ পৰা আন্দোলন অব্যাহত আছে যদিও চৰকাৰে সমস্যাটোৰ সমাধান কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ সদিচ্ছা প্ৰকাশ কৰা নাই। চলিত বৰ্ষৰ যোৱা ২৬ এপ্ৰিলত অনুষ্ঠিত হোৱা ৰাজনৈতিক পৰ্য্যায়ৰ আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বড়োলেণ্ড সমস্যাৰ বিষয়টোক লৈ আলোচনা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া প্ৰতিশ্ৰুতি হৈয়ে থাকিল। মোদী চৰকাৰে নিৰ্বাচনৰ পূৰ্বে বড়োলেণ্ড সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়াও প্ৰতিশ্ৰুতি হৈয়ে থাকিল।
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বাৰে বাৰে বড়ো জনগোষ্ঠীক প্ৰতাৰণা কৰি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে বড়োলেণ্ড ৰাজ্য গঠন নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি সকিয়াই দিয়ে। ধৰ্না কাৰ্যসূচীত গাৰো উন্নয়ন বোৰ্ডৰ অধ্যক্ষ কমল মাৰাক অংশগ্ৰহণ কৰি কয় যে সাংবিধানিক অধিকাৰৰ বিচাৰি বড়োসকলে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব দিয়া নাই৷

এই অঞ্চলত শান্তি প্ৰতিষ্ঠা হ’বলৈ হ’লে বড়োলেণ্ড ৰাজ্য গঠন হোৱাটো দৰকাৰ বুলি মন্তব্য কৰে কমল মাৰাকে৷ অন্যথাই এই অঞ্চলত পুনৰ অশান্তিৰ সৃষ্টি হ’ব বুলিও আশাংকা ব্যাক্ত কৰে মাৰাকে৷ আনহাতে ছিডুল কাষ্ট কাউন্সিলৰ এডভাইজাৰ গোপাল ঘোষে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে বড়োলেণ্ড দাবী সাংবিধানিক অধিকাৰ আৰু সেয়ে উক্ত দাবীক চৰকাৰে মানিবই লাগিব বুলি মন্তব্য কৰে৷
আজিৰ ধৰ্ণা কাৰ্যসূচীত এবছুৰ নেতা খৌৰমদাও ওৱাৰী, এনডিএফবিৰ (প্ৰ)নেতা ক্ৰমে- আৰ দাউখা, বি ছুদেম, বি জাইখলং আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মকে ধৰি এবছু, এনডিএফবি (প্ৰ) আৰু পিজেএচিবিএমৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰি বড়োলেণ্ড গঠনৰ সপক্ষে ভাষণ আগবঢ়ায়৷