৫ কোটিত মন্ত্ৰীক হত্যা, মান্দাকাটাত বিজেপিৰ প্ৰতিবাদ

 বাইহাটা চাৰিআলিঃ ৫ কোটি টকা দিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিম বুলি কংগ্ৰেছৰ নেতাৰ মোবাইলত মেচেজ দিয়া ঘটনাৰ চাঞ্চল্য অব্যাহত আছে জালুকবাৰী সমষ্টিত৷

হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ নেতা-কৰ্মীসকলে মঙলবাৰে প্ৰতিবাদো সাব্যস্ত কৰে৷ জালুকবাৰী সমষ্টিৰ বেজেৰাৰ সমীপৰ মান্দাকাটাত একাংশ লোক ৰাজ পথলৈ ওলাই তেওলোকৰ নেতাৰ হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ফকৰুদ্দিন আলী মুৰ্দাবাদ, পৱন আলী মুৰ্দাবাদ, পৱন-ফকৰুদ্দিনক ফাচি দিয়ক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

জালুকবাৰী সমষ্টিৰ বিধায়ক তথা স্বাস্থ্য, শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক নিজ সমষ্টিৰ দুই স্বাস্থ্য বিভাগৰ কৰ্মী ফকৰুদ্দিন আলী আৰু পৱন আলীয়ে ধনৰ বিনিময়ত হত্যা কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ মান্দাকাটা পঞ্চায়ত সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰে বেজেৰা-উত্তৰ গুৱাহাটী পথ।