ৰন্ধন গেছৰ মূল্যবৃদ্ধি, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

শিৱসাগৰঃ ভাল দিনৰ সপোন দেখুৱাই শাসনৰ বাঘজৰী দখল কৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ক্ষমতা পোৱাৰ পাছতেই সম্পূৰ্ণ জনগণ বিৰোধী স্থিতি গ্ৰহণ কৰাহে পৰিলক্ষিত হৈছে৷

শেহতীয়াকৈ জনসাধাৰণৰ বাবে অতি প্ৰয়োজনীয় ৰন্ধন গেছৰ পুনৰবাৰ মূল্যবৃদ্ধি কৰি সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধোৱাৰ প্ৰতিবাদ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে৷ শিৱসাগৰ নগৰৰ দ'লমূখ চাৰিআলিত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

পেট্ৰলিয়াম মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে উল্লেখ কৰে যে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন নিৰ্বাচনী সভাত জনগণক দিয়া প্ৰতিশ্ৰুতি মিছা প্ৰতিপন্ন হৈছে৷ ভুৱা প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰাৰ পিছত জনসাধাৰণৰ কথা তিলমানো গুৰুত্ব নিদি ইটোৰ পিছত সিটোকৈ জনগণৰ স্বাৰ্থবিৰোধী কাৰ্য্যকলাপতহে লিপ্ত হোৱা পৰিলক্ষিত হৈছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷

বহুজাতিক কোম্পানীৰ স্বাৰ্থত কাম কৰা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই সংগঠনটোৱে অতিশীঘ্ৰে ৰন্ধন গেছৰ মূল্য হ্ৰাস নকৰিলে গনতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে৷