
শিমলুগুৰিঃ কাতি বিহুৰ দিনাই ৰাইজ ওলাই আহিল ৰাজপথলৈ। জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত শিৱসাগৰ ৰহদৈ আলিত পথ অৱৰোধ কৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত স্থানীয় ৰাইজে৷
পৰিবৰ্তনকামী চৰকাৰে পৰিবৰ্তনৰ শ্ল’গান দিছে যদি আজি পৰ্যন্ত মেৰামতি নহ’ল ঐতিহাসিক ৰহদৈ আলি৷ যাৰ পৰিপ্ৰেক্ষিতত কাতি বিহুৰ দিনটোতে বিধস্ত পথ নিৰ্মানৰ দাবীত ৰাজপথলৈ ওলাই আহিল দল-সংগঠন আৰু স্থানীয় ৰাইজ৷
বিহুৰ আনন্দৰ মাজতে বিধস্ত ৰহদৈ আলি মেৰামতিৰ দাবীত আজি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে ৰহদৈ আলিত পথ অৱৰোধ কৰি কৰি চৰকাৰৰ বিৰোদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
শিৱসাগৰ জিলাৰ বিহুবৰ চন্তক আৰু দলবাগান সংযোগী পথছোৱাত প্ৰকাণ্ড প্ৰকাণ্ড দ গাঁতৰ সৃষ্টি হৈ যাতায়তৰ একেবাৰে অনুপযোগী হৈ পৰিছে। অৱশেষত এনেদৰে আজি বিহুৰ দিনতে প্ৰতিবাদ কৰি শীঘ্ৰে পথটো নিৰ্মানৰ দাবী জনায়।