কোচ ৰাজবংশীৰ এলেকাত প্ৰৱেশ নিষিদ্ধ হ’ব বিজেপিৰ, পহু খেদা দি উলিয়াই দিয়া হ’বঃঅৰুণ

newsnextone.com | কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত সোমবাৰে আক্ৰাছুৱে কোকৰাঝাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। কোকৰাঝাৰ শিশু উদ্যানৰ সন্মুখত অনুষ্ঠিত প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ মুখৰিত কৰি তোলে। 

কাৰ্যসূচীৰ অন্তত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে কোচ ৰাজবংশী জনতাৰ দাবী পুৰণ নকৰিলে লোকসভা নিৰ্বাচনত বিজেপি দলক উচিত এসেকা দিয়া হ’ব বুলি মন্তব্য কৰে। 

আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে আনকি কোচ ৰাজবংশী এলেকাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব আৰু প্ৰয়োজনত বিজেপি কৰ্মীসকলক খেদি পঠিওৱা হ’ব বুলি মন্তব্য কৰি শেহতীয়াভাৱে ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ অধ্যক্ষ নন্দ কুমাৰ সাইয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত আয়োগৰ হাতত কোনো তথ্য নাই বুলি কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি এইক্ষেত্ৰত ৰাজ্য চৰকাৰক স্পষ্টীকৰণ দিয়াৰ দাবী জনায় ৰায়ে।