
গোৰেশ্বৰঃ ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বিজেপিৰ সমৰ্থকে লেনিনৰ মূৰ্তি এক্সকেভেটৰেৰে বগৰাই ভাঙি পেলাই৷ সোমবাৰে আগৰতলাৰ বেলনিয়া কলেজ চৌহদত থকা লেনিনৰ মূৰ্তি বিজেপিৰ সমৰ্থকে ভাঙি পেলায়৷ জানিব পৰা মতে, বিজেপিৰ সমৰ্থকে এক্সকেভেটৰেৰে লেনিনৰ মূৰ্তিটো ভাঙি পেলোৱাৰ লগতে বহু ঠাইত চিপিআইএমৰ নেতা-কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
বিভিন্ন দল-সংগঠনে এই ঘটনাক গৰিহণা দিয়াৰ লগতে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ ইয়াৰ লগে লগে ৰাজ্যৰ মহানগৰীত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও সংগঠনে৷ দীঘলিপুখুৰী পাৰত কেইবাটাও সংগঠনৰ নেতা কৰ্মী উপস্থিত হৈ মূৰ্তি ভঙা ঘটনাক গৰিহণা দি এয়াই অসহিষ্ণুতা বুলি কয়৷ আনহাতে, বিজেপিয়ে ত্ৰিপুৰাত শাসনৰ বাঘজৰী হাতত লোৱাৰ পূৰ্বেই ৰাজনৈতিক হিংসাত্মক ঘটনা সংঘটিত কৰা ঘটনাৰ বিৰুদ্ধে বাক্সা জিলাৰ গোৰেশ্বৰত বামপন্থী দল-সংগঠনে ৰাজপথলৈ ওলাই আহে।
বিজেপি আৰু আৰু এছ এছ ৰ সমৰ্থকে ৰাজ্যখনত লেলিনৰ মূৰ্তি ভঙা আৰু বামপন্থী সমৰ্থকক আক্ৰমন কৰা ঘটনাৰ তীব্ৰ বিৰোধিতা কৰে। গোৰেশ্বৰ আঞ্চলিক এছ এফ আই, চিপিআই এম আৰু কৃষক সভাই বুধবাৰে সন্ধিয়া ত্ৰিপুৰা শেহতীয়া ঘটনাৰ প্ৰতিবাদত গোৰেশ্বৰ চহৰত এটি প্ৰতিবাদী মিছিল উলিওৱাৰ লগতে পথ সভাও অনুষ্ঠিত কৰে।
গণতান্ত্ৰিক ব্যক্তিৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদী সভাত বক্তব্য ৰাখে চি পি আই এম কামৰূপ জিলাৰ সম্পাদক কৰুণা ভূঞা আৰু প্ৰবীন দাসে। প্ৰবীন দাসে কয় যে, যি লেলিনৰ প্ৰতিমূৰ্তি তেওলোকে ভাঙিছে সেই লেলিন আছিল মুক্তিকামী হাজাৰ-হাজাৰ জনতাৰ এক আদৰ্শস্বৰূপ। লেলিনৰ প্ৰতিমূৰ্তিৰ ওপৰত আক্ৰমণ কৰা কাৰ্যই গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰাকে সুঁচাইছে বুলি তেওঁ কয়। বামপন্থী সংগঠনকেইটাই সভাৰ পূৰ্বে হাতে হাতে প্লেকাৰ্ড ফেষ্টুন আদি লৈ বিজেপি আৰু আৰ এছ এছৰ বিৰুদ্ধে শ্ল’গান দিয়ে।