বিলাসীপাৰাত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ, শতাধিক কংগ্ৰেছ কৰ্মী গ্ৰেপ্তাৰ

newsnextone.com | বিলাসীপাৰাঃ সমগ্ৰ দেশৰ লগতে অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাতো পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ কংগ্ৰেছে বন্ধৰ আহ্বান জনাইছিল৷ তাৰ প্ৰভাৱত আজি সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰিল বিলাসীপাৰা পুৱ আৰু পশ্চিম সমষ্টি। বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত বিলাসীপাৰা পশ্চিম সমষ্টিৰ মাছপাৰাত ৰাষ্ট্ৰীয় ঘাইপথতত ৰাতিপুৱা ৮.৩০ বজাত টায়াৰ জ্বলাই যুৱ কংগ্ৰেছী সকলে বিজেপি গ’বেক, মূল্য বৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। 

এই কাৰ্যসুচীত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমান, ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দ্বয় আকতাৰ হুছেইন, জহিৰুল ইছলাম, নায়েৰ আলগা ব্লক কংগ্ৰেছৰ সভাপতি তয়জাল হক মণ্ডল, কংগ্ৰেছ কৰ্মী আলহাজ জয়নাল আবেদিন, কোকৰাঝাৰ জিলা এন এছ ইউ আইৰ সভাপতি জয়নুদ্দিন সেখ, কংগ্ৰেছৰ যুৱ নেতা মনোৱাৰ হুছেইন, সাহানুৰ ইছলাম, আৰু বিলাসীপাৰা পুৱ সমষ্টিৰ কংগ্ৰেছ কৰ্মী তথা ধুবুৰী জিলা পৰিষদৰ প্ৰাক্তন উপ-সভাপতি খালিদ হুছেইন (মুন্না), প্ৰাক্তন জিলা পৰিষদ সদস্য ছামছুল হুদা, বিলাসীপাৰা পুৱ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি জহিৰুল ইছলাম, সম্পাদক আব্দুল কাদেৰ আদি কৰি বহু কেইগৰাকী নেতাই অংশগ্ৰহণ কৰে। 

ইফালে, ভাৰত বন্ধ পালন কৰিবলৈ লোৱা শতাধিক কংগ্ৰেছ কৰ্মীক বিলাসীপাৰা গান্ধী চ’কৰ পৰা বিলাসীপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনি বিলাসীপাৰা থানাত আবদ্ধ কৰি ৰাখে। গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছ কৰ্মী সকলক খোৱা খাদ্য বস্তু যোগান নধৰি অনাহাৰত ৰখাত কংগ্ৰেছ কৰ্মী সকলে বিজেপি চৰকাৰৰ লগতে আৰক্ষী প্ৰশাসনক তীব্ৰ ধিক্কাৰ দিয়ে আৰু থানাৰ ভিতৰতে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।