
নলবাৰীঃ সংখ্যালঘু নেতা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক যোৱা ০১ আগষ্টত দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে৷ বিটিচি সচিবালয়ৰ সমীপৰ তিতাগুৰিৰ এখন টাইলছৰ দোকানত টাইলছ কিনিবলৈ আহোতেই দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰাৰ পাছৰে পৰা সমগ্ৰ ৰাজ্যত আজিও চাঞ্চল্য অব্যাহত আছে।
মটৰচাইকেলত অহা দুষ্কৃতিকাৰীয়ে হেলমেট পিন্ধি দোকানৰ ভিতৰতে শূন্য দূৰত্বৰ পৰা লাফিকুলক গুলীচালনা কৰি নিৰ্বিঘ্নে আঁতৰি যোৱাৰ ২৮ দিন পাৰ হোৱাৰ পাছতো আৰক্ষীয়ে হত্যাকাৰীক আটক কৰিব নোৱাৰাত পুনৰ ৰাজ পথলৈ ওলাই আহিব ধৰিছে ৰাইজ৷
শেহতীয়াকৈ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে ৰাজ্য চৰকাৰে৷ এবিএমছুৰ নেতৃত্বত লাফিকুল হত্যাকাৰীক আটক কৰাৰ দাবীত সোমবাৰে বিটিএডি অঞ্চলত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ তাৰ মাজতে আজি নলবাৰীৰ মুকালমুৱাত কেইবাশতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে লাফিকুল হত্যাকাৰীক আটক কৰাৰ দাবীত৷
জিলা খনৰ মুকালমুৱাত সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদ আৰু মুছলিম কল্যাণ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে৷ লাফিকুলৰ হত্যাকাৰীক আটক কৰক, অসম চৰকাৰ হায়-হায়, অসম আৰক্ষী মুৰ্দাবাদ শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে প্ৰতিবাদকাৰীসকলে৷ প্ৰতিবাদকাৰীসকলে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙক শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে অবৈধ অস্ত্ৰ জব্দ কৰাৰ দাবী জনায়৷
লাফিকুল ইছলামৰ হত্যাকাৰীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়াৰ কথা উল্লেখ কৰি এমাহ পাৰ হোৱাৰ পাছতো হত্যাকাৰীক আটক কৰাটো দুৰৰ কথা আজিলৈ কোনে হত্যা কৰিলে সেই কথা স্পষ্ট কৰিব পৰা নাই বুলি প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগ ব্যৰ্থ বুলি অভিযোগ কৰে সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হকে৷