এইবাৰ মহিলাৰ উলংগ প্ৰতিবাদত কঁপিব কাৰ্বি পাহাৰ

ডিফুঃ দাবী মানি নোলোৱা পৰ্যন্ত উত্তাল হৈয়ে থাকিব কাৰ্বি পাহাৰ। এই হুংকাৰ প্ৰদান কৰিছে পাহাৰীয়া জিলাখনৰ ২৪ টাকৈ দল সংগঠনে। যদিহে দাবী মানি নলয় তেন্তে পুনৰ উলংগ প্ৰতিবাদেৰে উত্তাল হৈ পৰিব পাৰে জিলাখন। পুৰুষসকলৰ পিছত এইবাৰ কাৰ্বি আংলঙত উলংগ প্ৰতিবাদত ভাগ ল’ব মহিলায়ো।

পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় সংবিধানৰ ২ আৰু ৭ নং অনুচ্ছেদ অনুসৰি আইন আৰু নীতি গ্ৰহণ কৰি পৰিষদীয় ভোটাৰ তালিকাৰ পৰা অজনজাতিৰ নাম কৰ্তনৰ দাবীত কৰা উলংগ প্ৰতিবাদলৈ কাৰ্বি আংলং মাতৃসন্থাই পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ পিছতে এয়া নিশ্চিত হৈ পৰিছে।

আজি এক বিবৃতিযোগে সন্থাৰ সভানেত্ৰী ৰজনী বেংপী আৰু ৰজনী ক্ৰামছাপীয়ে জনায় যে যোৱা ২১ এপ্ৰিলত ডিফুৰ ৰাজপথত উলিওৱা উলংগ প্ৰতিবাদলৈ তেওঁলোকৰ পূৰ্ণ সমৰ্থন আছে।

বিবৃতিটোত আৰু উল্লেখ কৰা হৈছে যে যদিহে অতি শীঘ্ৰে জিলাখনৰ জনজাতিসকলৰ বাবে থকা সংবিধান প্ৰদত্ত দাবী মানি নলয় তেন্তে কোনোপধ্যে পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা দলসমূহক বাধা প্ৰদান কৰা হ’ব বুলিও বিবৃতিযোগে সকীয়াই দিয়ে মাতৃ সন্থাই। 

ইমানৰ পিছতো দাবী পূৰণ নহ’লে অচিৰেই মাতৃ সন্থাৰ উদ্যোগত এইবাৰ সহস্ৰাধিক মহিলাই উলংগ প্ৰতিবাদেৰে পাহাৰীয়া জিলাখনৰ চৌদিশ কঁপাই তুলিব বুলিও হুংকাৰ প্ৰদান কৰে।