আকৌ ৰাজপথত অসম আন্দোলনৰ নেতৃত্ব, প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত ৰাজভৱন যাত্ৰা

newsnextone.com | গুৱাহাটীঃ সমগ্ৰ ৰাজ্যত এতিয়া চৰ্চা মাথো নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ৷ ৰাইজে অসম আৰু অসমীয়াৰ স্বাভিমানক লৈ চিন্তিত হৈ পৰিছে৷ আপোন জাতিটো সংকটত পৰাৰ আশংকাত দিন পাৰ কৰিছে৷ সংকটৰ দোমোজাত সমগ্ৰ অসমৰ লোক৷ যিসকলে বিদেশী খেদিবলৈ ৰাজপথলৈ ওলাই আহিছিল আজি সেইসকলৰ বিৰুদ্ধেই প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছে অসমীয়াই৷ এয়া অসমীয়া জাতিৰ বাবে এক বিড়ম্বনা৷ 

বিজেপি চৰকাৰে লব বিচৰা হিন্দু বাংলাদেশী সংস্থাপনৰ সিদ্ধান্তৰ বিৰুদ্ধে অসমীয়াই আকৌ ৰাজপথলৈ ওলাই আহিব লগা হৈছে৷ বিদেশী শূন্য অসমৰ বাবে ৬ বছৰীয়া অসম আন্দোলনৰ নেতৃত্ব লোৱা লোকসকলেই এতিয়া ৰাজ্যৰ ক্ষমতাৰ বাঘজৰী লৈ আহিছে যদিও ৰাইজে বিদেশী বহিস্কাৰ আৰু বিদেশী সংস্থাপনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি সংগ্ৰাম কৰিব লগা হৈছে৷ এয়াই এক লজ্জাৰ বিষয়৷ বিদেশী বহিস্কাৰৰ আন্দোলন কৰা লোকসকল এতিয়া দুটা ভাগত বিভক্ত হৈছে৷

অসম আন্দোলন কৰা এটা পক্ষই অসমৰ পৰা বিদেশী বহিস্কাৰ কৰাটো দুৰৰ কথা অসমত বিদেশী সংস্থাপন কৰিব খোজে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি৷ বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমলৈ আনি হিন্দুক ৰক্ষা কৰিব খোজে৷ এই পক্ষটোৰ হাতত আছে ক্ষমতা৷ ক্ষমতাশালী পক্ষৰ হাতত আছে ক্ষমতাৰ বাঘজৰী৷ ক্ষমতা লাভ কৰি সেই দিনবোৰ পাহৰি গ’ল যিবোৰ দিনত আৱেগিক ভাষণ প্ৰদান কৰি আবাল, বৃদ্ধ বনিতাক ৰাজপথলৈ উলিয়াই আনিছিল৷ 

আন এটা পক্ষই অসমৰ পৰা বিদেশী বহিস্কাৰৰ দাবী জনাই অহাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনাই আহিছে৷ এইটো পক্ষই পুনৰ অসম আন্দোলনৰ স্মৃতিক মনত পেলাই ৰাজপথলৈ মানুহ উলিয়াই আনিব লগা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ বিদেশী সংস্থাপনৰ ষড়যন্ত্ৰ ওফৰাবলৈ পুনৰ নেতৃত্ব দিব লগা হৈছে প্ৰতিবাদৰ৷ এয়াই হৈছে অসমৰ এই সময়ৰ কলংকিত বাস্তৱ৷ 

চৰকাৰৰ অসম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য৷ বিতৰ্কিত বিধেয়কখন বাতিৰ দাবীত খিলঞ্জীয়াই ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ আনকি বিধেয়কখনক লৈ অগপ-বিজেপি মিত্ৰ জোঁটৰ মাজত সংঘাত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ৰাজেন গোহাঁই, হিমন্ত বিশ্ব শৰ্মা, ঋতুপৰ্ণ বৰুৱা, শিলাদিত্য দেৱ আদি নেতা-মন্ত্ৰী-বিধায়কে বিতৰ্কিত বিধায়কনৰ সপক্ষে মত প্ৰকাশ কৰিলেও সহযোগী অগপৰ সভাপতি অতুল বৰাকে ধৰি আন কেইবাগৰাকী অগপৰ বিধায়ক আৰু দুগৰাকী বিজেপি বিধায়কে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক মুকলিভাৱে বিৰোধিতা কৰিছে৷

ইফালে বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ অসম গণ পৰিষদে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি আহিছে৷ যদি বিধেয়কখন গৃহিত হয়, তেন্তে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিব বুলিও হুংকাৰ দিয়া পৰিলক্ষিত হৈছে৷ বিশেষকৈ সত্যব্ৰত কলিতা, ৰমেন্দ্ৰ নাৰায়ন কলিতা, পবিন্দ্ৰ ডেকা আদি অগপৰ বিধায়কে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷

প্ৰথমৰ পৰাই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে প্ৰাক্তন মুখ্যমন্ত্ৰী, অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই৷ প্ৰতিটো কাৰ্যসূচীত মহন্তই সদলবলে গৈ অংশ লোৱা পৰিলক্ষিত হয়৷ ৭ মে’ত খানাপাৰাত যুটীয়া সংসদীয় সমিতিয়ে অনুষ্ঠিত কৰা শুনানিত সদলবলে গৈ বিধেয়কৰ বিৰুদ্ধে থিয় দিছিল৷ পুনৰ বুধবাৰে ৰাজধানী গুৱাহাটী মহানগৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত বিধেয়কৰ বিৰুদ্ধে ৰাজভৱন যাত্ৰা কৰি বিধেয়ক খন বাতিলৰ দাবী জনায়৷ অসম আন্দোলন সংগ্ৰামী মঞ্চৰ নেতৃত্বত বিধেয়কখনৰ বিৰোধিতা কৰি উলিওৱা ৰাজভৱন যাত্ৰাত কেইবাশতাধিক লোক উপস্থিত থাকে৷ হাতে হাতে ডবা, শংখ লৈ ৰাজপথ উত্তাল কৰি যাত্ৰা কৰে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত৷

অসম আন্দোলন সংগ্ৰামী মঞ্চই সদায় জাতিৰ স্বাৰ্থত থিয় হ’ব বুলি কয়৷ প্ৰফুল্ল মহন্তই অসমত হিন্দু বাংলাদেশীৰ সংস্থাপনে অসমত অসমীয়া এলাগী হ’ব লাগিব বুলি কৈ ভাষা, সংস্কৃতি ধ্বংস হ’ব বুলি কয়৷ অসম আন্দোলনৰ নেতৃত্ব লোৱা সংগ্ৰামীসকলৰ উপস্থিতিত যুদ্ধবিৰত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, সাংবাদিক মণজিত মহন্ত আদিয়ে ৰাজভৱন যাত্ৰা কাৰ্যসূচীত অংশ লয়৷ গণেশগুৰিৰ পৰা উলিওৱা যাত্ৰাত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ নেতাৰ লগতে বহু পুৰুষ-মহিলাই অংশ লয়৷ প্রফুল্ল মহন্ত সহ আন্দোলনৰ নেতৃত্ব বহন কৰা সংগ্ৰামীসকলে মহানগৰীৰ ৰাজপথত পদযাত্ৰা উলিয়াই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে৷ মহানগৰীৰ গনেশগুৰিৰ গণেশ উদ্যানৰ পৰা ৰাজভৱনলৈ পদযাত্ৰা কৰি সংগ্ৰামী সকলে বিজেপি চৰকাৰৰ সিদ্ধান্তক কেতিয়াও মানি নলও বুলি কয়৷