শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ, ধৰ্মৰ ভিত্তিত বিদেশীৰ বোজা নলয় অসমে

newsnextone.com | দিচাংমুখঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত যেন ক্ষান্ত নহয় অসমীয়া৷ কি উজনি কি নামনি এতিয়া সৰ্বত্ৰে মাথোঁ দিল্লী দিছপুৰৰ মচনদ দখল কৰাসকলৰ বিৰুদ্ধে প্ৰতিবাদ আৰু প্ৰতিবাদ৷ 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সকলোৱে কৰিছে প্ৰতিবাদ। প্ৰতিদিনে কঁপি উঠিছে ৰাজপথ। তাৰ মাজতে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কেইবাশতাধিক লোকে শিৱসাগৰত চহৰত সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰ আকাশ-বতাহ কঁপাই তোলে। সমদলত অংশ লোৱা প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।  

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সংগঠনটোৱে স্মাৰক পত্ৰ প্ৰেৰণ কৰি নিজৰ স্থিতি স্পষ্ট কৰি ৮৫৫ জন শ্বহীদৰ বিনিময়ত লাভ কৰা অসম চুক্তিক নাকচ কৰি বৰ্তমানৰ চৰকাৰে অসমৰ ওপৰত ধৰ্মৰ ভিত্তিত জাপি দিব খোজা বিদেশীৰ বোজা কোনো কাৰণতে গ্ৰহণ কৰা নহব বুলি কয়। 

১৯৭‍১ চনৰ পিছৰত অহা সকলো লোকেক বিদেশী বুলি চিনাক্ত কৰা হ’ব আৰু সকলো বিদেশীয়ে অসম এৰিব লাগিব বুলি কয় অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি পৰশ জ্যোতি দাসে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হলে অসমৰ খিলঞ্জীয়াই নিজৰ অস্তিত্ব বেৰুৱাব লাগিব বুলি কয়।

অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হ’ব পৰা আৰু অসমীয়া ভাষা-সংস্কৃতি সকলো নোহোৱা হৈ যোৱা কাৰ্য কৰিব নিদিয়াৰ হুংকাৰ দিয়ে সংগঠনটোৱে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনাই সংগঠনটোৱে অন্যথাই জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে।