
ওদালগুৰিঃ পোহৰলৈ আহিছে মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ মাজত থকা এক বৃহৎ ব্যৱধানৰ কথা। দুই কৰ্তৃপক্ষৰ হেমাহিত পণবন্দী হৈ পৰিছে বিটিচি অঞ্চলৰ ২৩খন মহাবিদ্যালয়ৰ হাজাৰ হাজাৰ স্নাতক শিক্ষাৰ্থী। উল্লেখ্য যে বিগত বৰ্ষত কিছু কাৰিকৰী অসুবিধাৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত থকা ২৩খনকৈ মহাবিদ্যালয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ গৈছিল। কিন্তু উক্ত মহাবিদ্যালয়সমূহৰ অধ্যাপকসকলে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সূচীমতেই পাঠসমূহ পঢ়ুৱাই আছিল। কিন্তু বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ যায় যদিও পূৰ্বে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত থকা বিটিচি অঞ্চলৰ ২৩ খন মহাবিদ্যালয়ত এই পৰীক্ষা স্থগিত কৰি মহাবিদ্যালয় কৰ্তৃপক্ষসমূহে পৰৱৰ্তী সময়ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হব বুলি জানিবলৈ দিয়ে।
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উক্ত ২৩ খন মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষা ২৩ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সূচীৰে অনুষ্ঠিত কৰাৰ কথা সদৰি কৰে মহাবিদ্যালয় কৰ্তৃপক্ষসমূহে। ফলত ২২ ফেব্ৰুৱাৰীৰ দিনা শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ মহাবিদ্যালয় কৰ্তৃপক্ষসমূহে ঘোষণা কৰিছিল যে পৰীক্ষাসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সূচীৰে অনুষ্ঠিত হব আৰু কিছুসংখ্যক বিষয়ৰ পৰীক্ষা পৰৱৰ্তী সময়ত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল ওদালগুৰি মহাবিদ্যালয় কৰ্তৃপক্ষই।
ইয়াৰ পাছত শিক্ষাৰ্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সূচী অধ্যয়ণ কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল। কিন্তু আজি ভাষা বিষয়ক পৰীক্ষা দিবলৈ গৈ হতবাক হৈ পৰে পৰীক্ষাৰ্থীসকল। কিয়নো পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সূচীৰ পৰিৱৰ্তে আহিল বড়োলেণ্ড বিশ্ব বিদ্যালয়ৰ সূচী অনুযায়ী। ফলত শিক্ষাৰ্থীসকল পৰীক্ষা গৃহ ত্যাগ কৰি প্ৰশ্নকাকতসমূহ ফালি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে মহাবিদ্যালয়ৰ চৌহদৰ সন্মুখত।
পাছত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ লুক দৈমাৰীয়ে শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ কাৰ্যসূচীৰ মাজলৈ আহি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কোৱাৰ বাহিৰে কোনো নিশ্চিত আশ্বাস প্ৰদান নকৰে। পূৰ্বেও অধ্যক্ষ গৰাকীয়ে শিক্ষাৰ্থীসকলক এই ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ কথা সদৰি কৰিছিল যদিও শিক্ষাৰ্থীসকল পুনৰ পৰীক্ষাৰ পৰা বঞ্চিত হ’ব লগা হয়। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু মহাবিদ্যালয় কৰ্তৃপক্ষৰ মাজত সৃষ্টি হৈছে এক বৃহৎ ব্যৱধান যাৰ ফল ভোগ কৰিবলগা হৈছে শিক্ষাৰ্থীসকলে। এইক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে শিক্ষাৰ্থী, অভিভাৱক তথা সচেতন মহলে।