নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বাটৰ কেনভাচ, অসমৰ অভিনৱ প্ৰতিবাদ। শেষ ৰক্ষাৰ যুঁজত একত্ৰিত হ'বলৈ মুকলি আহ্বান বাটৰ কেনভাচৰ কেন্দ্ৰীয় মুখপাত্ৰ ধ্ৰুৱজ্যোতি সাহাৰ

কাজিৰঙাঃ ৰং-তুলিকাৰে নাগৰিকত্ব সংশোধনী আইন, ২০১৬ৰ বিৰোধীতা কৰিলে বাটৰ কেনভাচ নামৰ সংস্থাটোৱে। বিধেয়কখনৰ বাতিলৰ দাবীত চিত্ৰ অংকণৰ অগ্ৰণী সংগঠন বাটৰ কেনভাচ, অসমে সোমবাৰে ৰহাত মুকলি আকাশৰ তলত আয়োজন কৰে এজাক চিত্ৰশিল্পীৰ দ্বাৰা মুকলি প্ৰতিবাদ।
ছবিৰ জৰিয়তে অসমীয়া জাতিক অদৃশ্য হাত এখনে নিঃশেষ কৰাৰ পৰিকল্পনা কৰাৰ দৃশ্যৰ জীৱন্ত ৰূপ দিয়ে ধেমাজিৰ হোমেন শইকীয়া, গিৰীণ কছাৰী, বঙাইগাঁৱৰ ৰাণা মণ্ডল, কলিয়াবৰৰ যোগিন্দ্ৰ সিং, গুৱাহাটীৰ মনোজ ৰয় আদিকে ধৰি বিভিন্ন শিল্পীয়ে। হাতে হাতে ৰং-তুলিকা লৈ ওলাই অহা চিত্ৰ শিল্পী সকলে কেনভাচত জীৱন্ত ৰূপ দিয়ে জাতিক সংকটত পেলাবলৈ লোৱা বিধেয়ক বাতিলৰ বাবে প্ৰতিবাদৰ ভাষাৰ।
কেন্দ্ৰীয় চৰকাৰে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ মাজেৰে অসমৰ সকলোবোৰ জাতি-জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব বুলি সোমবাৰে নগাঁও জিলাৰ ৰহাত বাটৰ কেনভাচৰ দ্বাৰা আয়োজিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বাতিলৰ দাবীত চিত্ৰশিল্পীয়ে কৰা প্ৰতিবাদী অনুষ্ঠানত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় মুখপাত্ৰ ধ্ৰুৱজ্যোতি সাহাই আইনখনৰ বিৰোধীতা কৰিবলৈ আহ্বান জনায়।
অসমীয়া জাতিৰ আৱেগ-অনুভূতি, সপোনক ধূলিস্যাৎ কৰি বিভেদ সৃষ্টিৰ অপচেষ্টা চলোৱা তথা দেশৰ ধৰ্ম নিৰপেক্ষ নীতিবিৰোধী, সংবিধান বিৰোধী এই নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, ব্যক্তি বিশেষ বুলি কথা নাই সকলো পক্ষই মুকলি বিৰোধিতা কৰিব লাগে বুলি কয় সাহাই।
অস্তিত্ব ৰক্ষাৰ শৰাইঘাটৰ এই শেষ যুঁজখনত যুঁজ দিবলৈ বিভিন্ন দল-সংগঠন একত্ৰিত হোৱাৰ বিপৰীতে জাতি-মাটি-ভেটিৰ ৰক্ষাৰ স্বাৰ্থত এসময়ৰ 'জাতীয় নায়ক’ ওলাই আহিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলি কয় সাহাই। সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনক 'দুতলীয়া স্থিতি’ৰ চৰকাৰ আখ্যা দি সাহাই কয় যে অসম আন্দোলনৰ ফচল অগপৰ নেতৃত্বই গেৰুৱা বাহিনীৰ স'তে মিত্ৰজোঁট ভাঙি জাতিৰ এই সংকটৰ সময়ত ৰাইজৰ পক্ষত থিয় দিবলৈ আহ্বান জনায়।
ৰহা যুৱক সংঘৰ উদ্যোগত উদযাপন কৰা দুদিনীয়া ৰঙালী বিহু অনুষ্ঠানৰ সোমবাৰে দ্বিতীয় দিনৰ 'অসমৰ অস্তিত্ব' শীৰ্ষক কাৰ্যসূচীত বাটৰ কেনভাচ, অসমৰ নগাঁও, গোলাঘাট, লক্ষীমপুৰ, গহপুৰ, শোণিতপুৰ, বঙাইগাঁও, মৰিগাঁও আদি বিভিন্ন জিলা সমিতিৰ চিত্ৰশিল্পী পুৱাই উপস্থিত হয়। অনুষ্ঠানত উপস্থিত থাকি বাটৰ কেনভাচ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শান্তি ৰাজখোৱাই চিত্ৰ অংকণ কৰাৰ লগতে কয় যে অসমৰ সমাজ-সংস্কৃতি-ইতিহাস সলনি কৰি বৃহত্তৰ অসমীয়া জাতিৰ পৰিকাঠামো নিঃশেষ কৰাৰ পৰিকল্পনা স্বয়ং শাসক গোষ্ঠীৰ।
ঐতিহাসিক অসম চুক্তিক সম্পূৰ্ণ ভাৱে উপেক্ষা কৰি নতুন দিল্লীয়ে অসম তথা উত্তৰ-পূবৰ থলুৱা জনগণক বিপন্ন কৰিবৰ হেতু নাগৰিকত্ব সংশোধনী বিধেয়কক আইনলৈ পৰিণত কৰাৰ ষড়যন্ত্ৰ কৰিছে। বাটৰ কেনভাচ, অসমে এই আইনক কোনো কাৰণতে গ্ৰহণ নকৰে বুলিও মত ব্যক্ত কৰে। ইপিনে, সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক দ্বীপন দিহিঙীয়া উপস্থিত থাকি এখন চিত্ৰ জীৱন্তকৈ কেনভাচত ফুটাই তুলি কয় যে ৰজা হৈ থকাৰ স্বাৰ্থতে যে আঞ্চলিকতাবাদী নেতাসকলে গাদী এৰিব নোৱাৰা হৈছে সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে।