কলা বজাৰ বন্ধ কৰাৰ দাবীত উত্তাল লিডুৰ যুৱ ছাত্ৰ পৰিষদ

ডিজিটেল ডেক্স |লিডুঃ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে সুলভ মূল্য সামগ্ৰীৰ কলা বজাৰ বন্ধৰ প্ৰতিবাদত আজি অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডু কলেজ তিনিয়ালিত যোগান মন্ত্ৰী ৰিহন দৈমাৰীৰ প্ৰতিমূৰ্তি দাহেৰে এক বিক্ষোভ কাৰ্য্যসুচী ৰূপায়ন কৰে৷ 

আজি সংগঠনটোৱে লিডু বিৰলাগেট স্থিত কলেজ তিনিআলিৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত যোগান মন্ত্ৰী হায়-হায়, বিজেপি চৰকাৰ হায়-হায়, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। লগতে অতি সম্প্ৰতি মাৰ্ঘেৰিটা মহকুমাত সুলভ মূল্য সামগ্ৰীৰ ব্যাপক কলা বজাৰ বৃদ্ধি হোৱা বুলি অভিযোগ তুলি শীঘ্ৰেই এনে বেহা বন্ধ কৰিবৰ বাবে স্থানীয় জিলা প্ৰশাসনক আহবান জনায় সংগঠনটোৱে৷ 

সংগঠনটোৰ স্পষ্ট অভিযোগ মাৰ্ঘেৰিটা তথা লিডু আদি অঞ্চলত একাংশ সুলভ মূল্য ব্যৱসায়ীয়ে অধিক মুনাফা আদায়ৰ স্বাৰ্থত কলা বজাৰত চাউল, কেৰাচিন, আটা আদি সামগ্ৰী বিক্ৰী কৰি আহিছে৷ যি অতি দুৰ্ভাগ্য জনক বুলি আখ্যা দি এই ক্ষেত্ৰত শীঘ্ৰেই মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনক এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সংগঠনটোৱে দাবী জনায়৷ 

আনহাতে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য দৈনিক অভাৱনীয়ভাৱে বৃদ্ধি পাই থকাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাতো চৰকাৰখনৰ চৰম ব্যৰ্থতা বুলি অভিযোগ তুলিছে৷ উল্লেখযোগ্য যে প্ৰায় ১ ঘন্টীয়া এই প্ৰতিবাদত বহু যান বাহন পথৰ ওপৰতে আবদ্ধ হৈ থকা পৰলক্ষিত হয়৷