কাৰ্বি পাহাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে আন্দ্ৰিয়, শুভাষণা, জাৰ্নেলিম, মণিকা, হাছিনাই

newsnextone.com | বোকাজানঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কেইবাগৰাকীও অসম সন্তানে। চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ কাঠমাণ্ডু চহৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত ৫৫ জনীয়া ভাৰতীয় দলে অংশ লৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনে৷ মুঠ ২৩টা পদক অৰ্জন কৰে ভাৰতে৷

বিগত ৫, ৬ আৰু ৭ জুনত নেপালৰ কাঠমাণ্ডু চহৰত অনুষ্ঠিত চাউথ এছিয়ান গেমছ-২০১৮ ভাৰতৰ হৈ যোগদান কৰা ৫৫ জনীয়া দলটোত অসমৰ ১৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷

অসমৰ খেলুৱৈ দলটোৰ নেতৃত্ব প্ৰদান কৰে সৰ্বভাৰতীয় কুংফু ফেডাৰেছনৰ উপ-সভাপতি লায়ন চিফু ৰাজকুমাৰে৷ ইফালে ভাৰতৰ হৈ যোগদান কৰা কাৰ্বি আংলংৰ ৫ জনীয়া খেলুৱৈ দলটোৱে ভাৰতৰ লগতে পাহাৰীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ ভাৰতৰ খেলুৱৈ দলটোৱে টাউলো আৰু চন্দা দুইটা বিভাগত ৯টা স্বৰ্ণ, ৩ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জৰ পদক লাভ কৰে৷

ইফালে অসমৰ খেলুৱৈ দলটোৰ ভিতৰত কাৰ্বি আংলংৰ ৫ জনীয়া খেলুৱৈ দলটোৰ ল'ৰাৰ ২৬-৩০ কেজি শাখাত আন্দ্ৰিয় প্ৰায় মহন্তই ২টাকৈ স্বৰ্ণ পদক, ছোৱালীৰ ৩০-৩৫ কেজি শাখাত শুভাষণা শৰ্মাই ১টা স্বৰ্ণ আৰু ১ টা ৰূপৰ পদক, ২০-২৫ কেজি শাখাত জাৰ্নেলিম কলিতাই ২টা স্বৰ্ণ পদক, ৪০-৪৫ কেজি শাখাত মণিকা গগৈয়ে ১টা ৰূপৰ পদক, ৪৫-৫০ কেজি শাখাত হাছিনা বেগমে ১টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক লাভ কৰি পাহাৰীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ অসমৰ মুখ্য প্ৰশিক্ষক লায়ন চিফু ৰাজকুমাৰে চাউথ এছিয়া কুংফু প্ৰতিযোগিতাত ৰয়েল নেপাল ৰাজ বীৰেন্দ্ৰ বীৰ বিক্ৰম সাহা সোঁৱৰণী আন্তঃৰাষ্ট্ৰীয় বঁটা তথা শ্রেষ্ঠ কাৰিকৰী সঞ্চালকৰ সন্মান লাভ কৰে।