নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে মৃগাংকই

নগাঁওঃ নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ মানৰ ছাত্ৰ মৃগাংক বৰদলৈয়ে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শনেৰে বেবেজীয়া অঞ্চললৈ জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

মৃগাংকই গুৱাহাটীত আয়োজিত এছজিএফআইৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত দ্বিতীয় All Assam Vovinam Martial Art Championship-2017ত অংশগ্ৰহন কৰি ত্ৰিছ বছৰ অনুৰ্ধ্বৰ চাব জুনিয়ৰ ল’ৰাৰ শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷

প্ৰতিযোগিতাখন গুৱাহাটী মহানগৰীৰ ভোগেশ্বৰ ফুকননী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল৷ ছাত্ৰজনৰ সফলতাত উৎফুল্লিত হৈ পৰা বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণ দুলাল বৰুৱাৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অভিনন্দন জনাইছে৷