অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে নগাঁৱৰ শুভ্ৰজ্যোতি বৰাই

নগাঁওঃ অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে নগাঁৱৰ শুভ্ৰজ্যোতি বৰাই৷ ২০১৬ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা নগাঁৱৰ শুভ্ৰজ্যোতি বৰাই ইতিমধ্যে হায়দৰাবাদৰ ৰাষ্ট্ৰীয় পুলিচ একাডেমীত সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰিছে৷

প্ৰশিক্ষণৰ অন্তত অনুষ্ঠিত হোৱা শিক্ষান্ত পৰীক্ষাত শুভ্ৰজ্যোতি বৰাই 'Police Ethics and Human Rights' শাখাত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি 'অৰুণ কুমাৰ অৰোৰা ট্ৰফী' লাভ কৰিবলৈ স৭ম হয়৷ এই বঁটা যঠেষ্ট গুৰুত্বপূৰ্ণ৷ নগাঁও জিলাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

ৰাষ্ট্ৰীয় পুলিচ একাডেমীত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক ট্ৰফীটো আনুষ্ঠানিকভাবে প্ৰদান কৰে একাডেমীৰ সঞ্চালক ডি আৰ দলে বৰ্মনে৷ এনে সফলতা লাভেৰে নগাঁও তথা অসমবাসীক গৌৰাম্বিত কৰি তোলা শুভ্ৰজ্যোতি নগাঁৱৰ গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা চেনীৰাম বৰা আৰু ৰীণা বৰাৰ কণিষ্ঠ পুত্ৰ৷