মদ-জুৱা-ধপাতৰ বিৰুদ্ধে হাতীগড়ত ৰাজহুৱা সভা

ডিমাকুছিঃ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ মদ তথা ধপাত জাতীয় সামগ্ৰীৰ ব্যাপক প্ৰচলনে কৰাজ্যৰ সচেন লোকক চিন্তিত কৰি তুলিছে৷ স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী এই নিচাৰ প্ৰতি আসক্ত হোৱা দেখা যায়৷  তাৰ মাজতে ওদালগুৰি জিলাৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীগড়ত মঙলবাৰে একাংশ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মদ-জুৱাৰ-ধপাতৰ বিৰুদ্ধে৷ হৰিশিঙা ৰাজহ চক্ৰৰ ঘাগ্ৰা, মাজুলী আদি অঞ্চলত মদ-জুৱাৰ-ধপাতৰ ব্যাপক হাৰত প্ৰচলন হৈ থকা শৈক্ষিক সামাজিক পৰিবেশ বিনষ্ট কৰাত সচেতন মহল চিন্তিত হৈ পৰিছে৷

হাতীগড় আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা, হাতীগড় শাখা চাহ জনজাতি ছাত্ৰ সন্থা আৰু স্থানীয় চাহ মজদুৰ সংঘই অঞ্চলটোৰ পৰা মদৰ প্ৰচলন বন্ধ কৰাৰ দাবী জনায় আহিছে৷ সংগঠন কেইটাই সময়ে সময়ে মদৰ ঘাটি উচ্ছেদ কৰি অহাৰ সমান্তৰালকৈ ইয়াক সম্পূৰ্ণকৈ নিৰ্মূল কৰি ভৱিষ্যত প্ৰজম্মক অন্ধকাৰ ভৱিষ্যতৰ পৰা ৰক্ষা কৰিবলৈ প্ৰশাসনক দাবী জনায়।

আৰক্ষীয়ে অবৈধ মদ ব্যৱসায়ীৰ সৈতে মাহিলী কমিছনৰ অংকত মেনেজ হোৱাৰ অভিযোগ তুলিছে দল সংগঠন সমূহে। হাতীগড়ত শতাধিক লোকৰ উপস্থিতিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। চাহ মজদুৰ সংঘৰ মঙলদৈ শাখাৰ সহকাৰী সম্পাদক সঞ্জিত তাঁন্তীৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিবাদী সভাত অঞ্চলটোৰ পৰা চুলাই আৰু বিলাতি মদৰ ঘাটি সমূহ শীঘ্ৰে উচ্ছেদ কৰা, বাগিচাৰ সকলো শ্ৰমিককে ৰেচন কাৰ্ড প্ৰদান কৰা আৰু পানেৰীলৈ স্থানান্তৰিত কৰা অসম গ্ৰামীণ বেংকৰ হাতীগড় শাখাটো পুনৰ হাতীগড়লৈ স্থানান্তৰিত কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।

সভাত উপস্থিত থাকি আছাৰ ওদালগুৰি জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰবিন গোৱালা, ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰবাৰ্টচন তান্তী, হাতীগড় চাহ বাগিচাৰ সহ পৰিচালক অৰূপ শইকীয়া, প্ৰাক্তন আটছা নেতা ৰঞ্জিত তান্তী, সমাজকৰ্মী পল টপ্প উপস্থিত থাকি অবৈধ মদৰ বেহাকে ধৰি বৃহত্তৰ হাতীগড় অঞ্চলৰ জ্বলন্ত সমস্যা সমূহ শীঘ্ৰে সমাধান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়৷