
নলবাৰীঃ ৰাজ্য চৰকাৰে এখন বিএড কলেজ স্থাপন কৰিব নৰবাৰীত৷ নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাৰ অনুৰোধ মৰ্মে ৰাজ্য চৰকাৰে নলবাৰীত এখন বি এড কলেজ স্থাপন কৰা হব বুলি ঘোষনা কৰাৰ পিছতে ৰাইজ তৎপৰ হৈ পৰে৷ দেওবাৰে নলবাৰীৰ মুগকুছিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সমাজকৰ্মী আদিত্য তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁতধৰে নৱ শৰ্মাই।
সভাত শিক্ষাবিদ হেমন্ত দত্ত, সমাজসেৱক মদন মালাকৰ, কেশৱ ডেকা, ধনেশ্বৰ শৰ্মা, নৰেশ্বৰ কলিতা আদি প্ৰমূখ্যে কেইবাজনো লোকে ভাষন আগবঢ়ায় নলবাৰীৰ মুগকুছিত ১৯৮৬ চনতে স্থাপন কৰা তথা প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই উদ্বোধন কৰা বেচৰকাৰী বি এড কলেজ খনে চৰকাৰীকৰণ কৰাৰ বাবে সভাই চৰকাৰক আহবান জনায়। নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নগেন শৰ্মা, বিশিষ্ট প্ৰয়াত হৰিচৰণ পাঠক, হেমন্ত বৰ্মনসহ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে পদক্ষেপ লৈছিল।
সভাৰ শেষত ৰাইজৰ সৰ্বসন্মতি নলবাৰীত অসম চৰকাৰে বিএড কলেজ স্থাপনৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাই আৰু মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে সভাই। নলবাৰীৰ মুগকুছিত স্থাপন কৰা বি এড কলেজ খনকে চৰকাৰীকৰণ কৰা মুগকুছিৰ বৰ্তমানৰ বি এড কলেজৰ স্থাবৰ-অস্থাবৰ সম্পত্তি সমূহ চৰকাৰক অৰ্পন কৰাৰ সিদ্ধান্ত লোৱা হয় সভাত।