
দেৰগাঁওঃ যোৰহাট জিলাৰ সঞ্জীৱনী নাৰ্ছিংহোমে ৰোগীক হাৰাশাস্তি তথা মানসিক ভাবে অত্যাচাৰ চলাই আহিছে৷ এই গুৰুতৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ৷ সংগঠনটোৰ গোলাঘাট জিলা সমিতিয়ে এই অভিযোগ উত্থাপন কৰি গোলাঘাট জিলা উপায়ুক্তক প্ৰদান কৰিছে স্মাৰক পত্ৰ।
সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সভাপতি সঞ্জয় চক্ৰৱৰ্ত্তী আৰু সচিব প্ৰধান সঞ্জীৱ হাজৰিকাই একাংশ লোকৰ অভিযোগৰ ভিত্তিত সংগঠনটোৱে জিলা উপায়ুক্তক এই অভিযোগ দিয়া বুলি উল্লেখ কৰে৷ সঞ্জীৱনী নাৰ্ছিংহোমৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰি ৰোগীক চিকিৎসা কৰাৰ নামত অত্যাধিক ধন লোৱাৰ লগতে একাংশ ৰোগীক ভুল চিকিৎসা প্ৰদান কৰি অহা বুলি অভিযোগ কৰে সংগঠনটোৱে।
ভুল চিকিৎসা প্ৰদান কৰা চিকিৎসকৰ পঞ্জীয়ণ বাতিল কৰা আৰু চিকিৎসালয় খনৰ গাতে লাগি থকা বৰুৱা লেৱৰ যন্ত্ৰ-পাতিৰ মানদণ্ড নিৰূপন, লেৱত কৰ্মৰত কৰ্মচাৰিৰ অৰ্হতাৰ প্ৰমান পত্ৰৰ পৰীক্ষা কৰাৰ দাবী জনায় সংগঠনটোৱে৷
১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনাই সংগঠনটোৰ৷ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে নাৰ্ছীং হোমখনৰ সমগ্ৰ তথ্য বিচাৰি আবেদন কৰা বুলিও জানিব পৰা গৈছে৷ নাৰ্ছিংহোম খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰটিআই কৰ্মী ৰিপুল দাসে যোৰহাট সদৰ থানাত গোচৰ ৰুজু কৰে। পাৰ্কিংৰ ব্যৱস্থা নথকাৰ ফলত চিকিৎসক, কৰ্মচাৰী, ৰোগীৰ গাড়ী সমূহ পথৰ দাতিত ৰখাই থোৱাৰ ফলত ব্যাপক যান-জোঁটৰ সৃষ্টি হয়৷ পথচাৰি, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দীৰ্ঘ দিনৰ পৰা যমৰ-যাতনা ভোগ কৰিব লগা হৈছে যদিও যোৰহাট পৌৰসভাই কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷