
ডিজিটেল ডেস্কঃ ৫ ছেপ্তেম্বৰত দুৰ্বৃত্তৰ গুলীত নিহত সাংবাদিক গৌৰী লংকেশৰ হত্যাকাৰীৰ স্কেচ প্ৰকাশ কৰিলে বিশেষ তদন্তকাৰী দলে। বাংগালুৰুত নিশা প্ৰায় ৮ বজাত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিছিল জ্যেষ্ঠ মহিলা সাংবাদিকগৰাকীক। চহৰখনৰ ৰাজাৰাজেশ্বৰী নগৰত থকা নিজ বাসগৃহত গুলীয়াই হত্যা কৰে 'Lankesh Patrike' নামৰ এখন কানাড়া টেবলইড সম্পাদনা আৰু প্ৰকাশ কৰি উলিওৱা সাহসী সাংবাদিকগৰাকীক৷
গুলীয়াই হত্যাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত বাংগালুৰুৰ আৰক্ষী আয়ুক্ত উপস্থতি হয় দিও আজিলৈ কোনো লোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে৷ সংবাদিকগৰাকীৰ হত্যাৰ পিছতে দেশ জুৰি প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে৷ তাৰ মাজতে শনিবাৰে বাংগালুৰৰ সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ডত জড়িত দুই বাইক আৰোহীৰ স্কেচ প্ৰকাশ আৰক্ষীয়ে৷
দুই অভিযুক্তৰ চিত্ৰত ধৰিব পৰা হোৱা নাই তেঁওলোক কি ধৰ্মৰ বা ক'ৰ মানুহ।কৰ্ণাটক চৰকাৰে গঠন কৰা এখন এছআইটিয়ৰ লগতে আৰক্ষী বিষয়া বি কে সিঙে হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব লয়৷ আৰক্ষী বিষয়া বি কে সিঙে এক সংবাদ মেল যোগে হত্যাকাৰীয়ে ঘটনা সংঘটিত কৰাৰ সময়ত কপালত টিলক আৰু কানত কানফুলি পিন্ধি আহিছিল যদিও তেওঁলোকৰ প্ৰকৃত স্বৰূপ ধৰিব পৰা হোৱা নাই বুলি কয়৷