
আজাৰাঃ কামৰূপ জিলাৰ পলাশবাৰীৰ সমীপৰ ঐতিহ্যমণ্ডিত নহিৰাত অনুষ্ঠিত হৈছে জগদ্ধাত্ৰী পূজা৷ ৬৭ সংখ্যক নহিৰা ৰাজহুৱা জগদ্ধাত্ৰী পূজা পাচদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে।
কাৰ্যসূচী অনুসৰি সন্ধিয়া দুলনী ভাৰ লৈ এক শোভাযাত্ৰা উলিওৱা হয়৷ শুকুৰবাৰে ঘটবুৰণ, দুলনী আনায়ণ, সপ্তমী বিহিত বিহিত পূজা, পুস্পাঞ্জলী প্ৰদান, চৈতালী নাম, আৰতী আৰু নিশা গোপীনাথ কুৰকুৰী নাটিকা গোষ্ঠিয়ে নাট প্ৰদৰ্শন কৰিব।
২৮ অক্টোবৰত পুৱা অষ্টমী পুজা, নাগাৰানাম, আয়তীৰ নাম, আৰতী আৰু নিশা যাত্ৰাভিনয় অনুষ্ঠিত হ’ব। ২৯ অক্টোবৰত অষ্টমী বিহিত পুজা, নাগাৰা নাম, আয়তীৰ নাম, সংকীৰ্তন, দেৱীৰ মন্দিৰ চৌহদ প্ৰদক্ষিণ, আৰতী আৰু নিশা যাত্ৰাভিনয় অনুষ্ঠিত হ’ব।
৩০ অক্টোবৰত পুৱা বিহিত দশমী পুজাৰম্ভ হোৱাৰ লগে লগে দেৱীৰ জলত চৰন দৰ্শন, দেৱী বিসৰ্জন আদি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। পুজাৰ সমুহ কাৰ্যসুচীত ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগীতা কামনা কৰিছে উদ্যোক্তাসকলে।