পুলৱামা আক্ৰমণ চোৰাংচোৱাৰ বিফলতাৰ বাবে হোৱা নাছিল, স্পষ্ট কৰিলে চৰকাৰে

নতুন দিল্লীঃ যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মু আৰু কাশ্মীৰৰ পুলৱামাত চিআৰপিএফৰ কনভয়ত হোৱা সন্ত্ৰাসবাদী ভয়ংকৰ আক্ৰমণ চোৰাংচোৱা সংস্থাসমূহৰ বিফলতাৰ বাবে হোৱা নাছিল৷ এই কথা আজি স্পষ্ট কৰে কেন্দ্ৰীয় চৰকাৰে৷ 

গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে আজি সংসদক এই কথা কয়৷

তেওঁ লগতে কয়, জম্মু আৰু কাশ্মীৰত যোৱা তিনি দশকৰপৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছে আৰু নিৰাপত্তা বাহিনীসমূহে দীৰ্ঘম্যাদী পৰিকল্পনাৰে বহু সন্ত্ৰাসবাদীক নিধন কৰিবলৈ সক্ষম হৈছে৷ 

পুলৱামাৰ সন্দৰ্ভত তেওঁ লগতে কয়, নিৰাপত্তা বাহিনী আৰু চোৰাংচোৱা সংস্থাসমূহে সহযোগিতাৰে কাম কৰি আহিছে আৰু সঠিক সময়ত চোৰাংচোৱা সংস্থাসমূহে সঠিত তথ্য প্ৰদান কৰি আহিছে৷ ‘নিয়া’ই পুলৱামা বিস্ফোৰণৰ তদন্ত চলাই আছে আৰু ইতিমধ্যে ষড়যন্ত্ৰকাৰী, আত্মঘাতী আক্ৰমণকাৰী আৰু বাহন প্ৰদান কৰা লোকজনক চিনাক্ত কৰা হৈছে৷