নগাঁও কামপুৰৰ নীৰৱ মোডী...

কামপুৰঃ নীৰৱ মোডী নহয়, এইবাৰ অসমৰ বাহাৰুল৷ নগাওঁ জিলাৰ পঞ্জাৱ নেচনেল বেংকৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰত সাধাৰণ গ্ৰাহকক ঋণ দিয়াৰ প্ৰলোভনেৰে লুটিলে হাজাৰ হাজাৰ টকা৷ পাঞ্জাৱ নেচনেল বেংকৰ কোটিটকীয়া কেলেংকাৰী সংঘটিত কৰি বিদেশত পলাই থকা নীৰৱ মোডীৰ দৰেই কামপুৰৰ বাহাৰুলো বৰ্তমান পলাতক৷ 

জানিব পৰা মতে, নগাঁও জিলাৰ কামপুৰ ৰহা শাখাৰ অন্তৰ্গত চেঙাজানত থকা পঞ্জাৱ নেচনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত বাহাৰুল ইছলাম নামৰ এজন লোকে সংঘটিত কৰিছে ব্যাপক ঋণ কেলেংকাৰী৷ অভিযোগ অনুসৰি, বাহাৰুল ইছলামে চেঙাজান অঞ্চলৰ বহু লোকক কৃষি আৰু ব্যৱসায়ী ঋণ দিয়াৰ নামত সংঘটিত কৰি আহিছে কেলেংকাৰী৷ 

বাহাৰুলে পঞ্জাৱ নেচনেল বেংকৰ পৰিচালকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি ফাঁকি দি গ্ৰাহকৰ নামত বেংকৰ পৰা ৪০-৫০ হাজাৰ টকা ঋণ উলিয়াই আনে৷ কৃষি ঋণৰ নামত উলিওৱা সৰ্বমুঠ টকাৰ মাত্ৰ ৮ হাজাৰ টকাহে গ্ৰাহকক দি বাকীখিনি আত্মসাৎ কৰে বাহাৰুলে৷ আনকি বেংকক ঋণ পৰিশোধ কৰিব নালাগে বুলিও গ্ৰাহকক আশ্বাস দিছিল দালাল ৰূপী গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালক বাহাৰুল ইছলামে৷ 

আনহাতে বাহাৰুলে ব্যৱসায়ী ঋণ প্ৰদানৰ নামত এজন লোকৰ পৰা ১ লাখ টকাৰ উৎকোচ লোৱাৰো অভিযোগ উত্থাপিত হৈছে বাহাৰুল ইছলামৰ বিৰুদ্ধে৷ বাহাৰুলৰ ঠগবাজীৰ কথা অৱগত হৈ গ্ৰাহকসকলে কামপুৰ থানাত পাঁচটাকৈ গোচৰ ৰুজু কৰে৷ কিন্তু বাহাৰুলৰ সৈতে বিজেপিৰ কোনো নেতাৰ মিত্ৰতা থকাৰ বাবেই আৰক্ষীয়ে বাহাৰুলৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী ৰাইজে৷ 

জানিব পৰা মতে, সাধাৰণ ৰাইজৰ মূৰত সৰগ ভঙা দালালৰূপী বাহাৰুল ইছলাম বৰ্তমানেও পলাতক অৱস্থাথ আছে৷ এতিয়া প্ৰশ্ন হয়, দূৰ্নীতিৰ শূণ্য সহনশীলতাৰ কথা কোৱা পৰিবৰ্তনকামী চৰকাৰখনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে দুখীয়া কৃষকৰ তেজ শুহি খোৱা এই সকল তেজপিয়াৰ বিৰুদ্ধে?