নামতিবাসী সাৱধান, লেতেৰা পানী খুৱাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগে

নামতিঃ সৰ্ব প্ৰকাৰৰ উন্নয়ণৰ শ্ল’গান দি দিছপুৰৰ মছনদ দখল কৰা বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়ণক গুৰুত্ব প্ৰদান কৰিবলৈ আহৰি পাবনে৷ জকাইচুকৰ বাট-পথত খোজকাঢ়িব নোৱাৰি জৰাজীৰ্ণ অৱস্থাৰ বাবে৷ আজিও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে  হাহাকাৰ কৰিব লাগে জকািচুকৰ লোকে৷ যাৰ বাবে এই প্ৰশ্ন উত্থাপন হৈছে চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়ণক গুৰুত্ব প্ৰদান কৰিছনে চৰকাৰে৷

কংগ্ৰেছৰ দিনত গাঁৱে-ভূঞে অজস্ত্ৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি নিৰ্মাণ কৰিছে যদিও সেয়া মাত্ৰ একাংশ বিষয়া-অভিযন্তা-ঠাকাদাৰৰ ধন ঘটিবৰ বাবেহে নিৰ্মাণ কৰা হৈছিল৷ কিয়নো তেনে কোনো আঁচনিয়ে ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিব পৰা নাই৷ হাবি-জঁংঘলে আৱৰি ৰাখিছে এই আঁচনি সমূহ৷ ৰাজ্যৰ খনৰ আঙুলিৰ মুৰত গনিব পৰা মাথো কেইটামান বিশুদ্ধ খোৱাপানী যোগান আঁচনিয়ে হে পানী যোগান ধৰি আহিছে৷

যি কেইখন আঁচনিয়ে পানী যোগান ধৰি আহিছে সেয়া প্ৰকৃততে বিশুদ্ধ পানী যোগান ধৰি আছেনে৷ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত নামতি চাৰিআলিৰ মাজমজিয়াৰ পানী যোগান আঁচনিখনে প্ৰকৃত স্বৰূপটো উদঙাই দিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ৷ নামতি চাৰিআলিৰ মাজমজিয়াৰ পানী যোগান আঁচনিখনৰ বিশুদ্ধ পানীৰ বাবে স্থানীয় ৰাইজে মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বুধবাৰে পৰিত্যক্ত আঁচনিটো আমছুৰ এটি প্ৰতিনিধি দলে পৰিদৰ্শ কৰে৷ কদৰ্য অৱস্থাত প্ৰত্যক্ষ কৰে সংগঠনটোৱে আঁচৰিত হৈ পৰে৷

বিষয়া-কৰ্মচাৰি থকাৰ পিছতো কোনো দিনে গুৰুত্ব আৰোপ নকৰাৰ ফলত বিশুদ্ধ পানী যোগানৰ পৰিবেশ নাইকীয়া হৈছে আঁচনি খনৰ৷ আঁচনিখনত কৰ্মৰত কৰ্মচাৰীৰজনৰ ভাষ্য মতে, পানী বিশুদ্ধ কৰণত যিখিনি যাৱতীয় সামগ্ৰী প্ৰয়োজন সেই সামগ্ৰীবিলাক আগতে নিয়মীয়া ভাৱে চৰকাৰে যোগান ধৰিছিল যদিও আজিকালি চৰকাৰে যোগান ধৰা নাই৷ ফলত স্থানীয় ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে।

পানী বিশুদ্ধ কৰাৰ বাবে যি বালি (কানাই ঘাটৰ বালি) প্ৰয়োজন সেই বালি যোৱা দহ বছৰ ধৰি সলনি নকৰাৰ ফলত বালিখিনি সম্পূৰ্ণৰূপে মাটিক পৰিণত হৈছে৷ পানী বিশুদ্ধ কৰাৰ বাবে যি ব্লিচিং পাউদাৰ প্ৰয়োজন সেই ব্লিচিং পাউদাৰও চৰকাৰী যোগান নথকাত আজি প্ৰায় পাঁচ বছৰ ধৰি ব্লিচিং পাউদাৰ অবিহনে পানী যোগান ধৰিব লগীয়া অৱস্থা হৈছে ফলত সম্পূৰ্ণৰূপে বিশুদ্ধ খোৱা পানীৰ পৰা ৰাইজ বঞ্চিত হৈছে।

আনহাতে পানী সংৰক্ষণৰ বাবে থকা টেংকী প্ৰায় ৫-৬ ইঞ্চি ডাঠ শৈলৰ প্ৰলেপ আৰু নানা পোক থিতাপি লৈ থকা দেখা যায়৷ পানী যোৱা পথৰ কাষৰ পাইপ বিলাক যথেষ্ট পুৰণি হোৱাত কিছু কিছু ঠাইত পাইপ ফাটি গৈছে। স্থানীয় সংগঠনৰ বিষয়ববীয়াই এই আঁচনিখনৰ মেৰামতি কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক অৱগত যদিও বিভাগটোৰ নানান আজুহাত দেখুৱাই দায়িত্ব সামৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে আমছুৱে৷