ৰাইজৰ ৰুদ্ৰ মূৰ্তিত সেও মানিলে গড়কাপ্তানিৰ অভিযন্তা ভূপেন-ঠিকাদাৰ প্ৰভূই, পুনৰ নিৰ্মাণৰ নিৰ্দেশ

newsnextone.com | গোৰেশ্বৰঃ নিৰ্মাণৰ পিছতে চকলা-চকলে এৰি গৈছিল বাইহাটা চাৰিআলি ৰামগাঁও-নাগ্ৰিজুলি পথ৷ দুদিন পূৰ্বে সংঘটিত হৈছিল এই ঘটনা৷ ৰাইজে ওলাই আহি দিছিল প্ৰতিবাদ কৰাৰ হুংকাৰ৷ তাৰ পিছত ৰাইজৰ ৰোষত পৰাৰ ভয়ত অভিযন্তা-ঠিকাদাৰ আহি ওলাল বুধবাৰে৷ ঠিকাদাৰ-অভিযন্তাৰ অহাৰ খবৰ লাভ কৰি সমবেত হ’ল ৰাইজ৷ তাৰ পিছতে ৰাইজৰ এটাৰ পিছত এটা প্ৰশ্ন৷ ৰাইজৰ প্ৰশ্নত উত্তাৰ দিব নোৱাৰি

 নিজৰ গাফিলতি ঢাকিবলৈ অভিযন্তাই ৰাইজক বুজালে বিটুমিন কেনেকুৱা বস্তু৷ ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে ঠিকাদাৰ-অভিযন্তাই৷ ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি কপালৰ ঘাম মচিব লগা হ’ল ঠিকাদাৰ-অভিযন্তাই৷ বুধবাৰে ৰঙিয়া গড়কপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা ভূপেন ডেকা, গোৰেশ্বৰ গডকপ্তানি কাৰ্যালয়ৰ সহঃ অভিযন্তা দীপক মজুমদাৰ আৰু ঠিকাদাৰ প্ৰভু আগৰৱালাই বাইহাটা চাৰিআলি-ৰামগাঁও-নাগ্ৰীজুলি গড়কাপ্তানি পথ পৰিদৰ্শন কৰিবলৈ আহি ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। 

পথ পৰিদৰ্শন কৰি অভিযন্তা-ঠিকাদাৰে পথ পুনৰ নিৰ্মাণ কৰাৰ আশ্বাস দিয়াতহে ৰাইজ আশ্বস্ত হয়৷ উল্লেখ্য যে, বাইহাটা চাৰিআলি ৰামগাঁও-নাগ্ৰিজুলি পথটো চকলা-চকলে এৰি গৈছিল নিৰ্মাণৰ পিছতে৷ কোটি কোটি টকাৰে নিৰ্মাণ কৰি থকা পথটো ঠিকাদাৰে এফালৰ পৰা পকী কৰি গৈছে যদিও আন এফালৰ এৰি যোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে৷ বিশ্ব বেংকৰ অৰ্থ সাহায্যত পুনৰ নিৰ্মাণ কৰি থকা চাৰিআলি ৰামগাঁও নাগ্ৰিজুলি গড়কাপ্তানি পথ (ৰাজ্যিক ঘাই পথ)ৰ পকীকৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ পিছতো দল-সংগঠনে মাত নিদিয়াত ক্ষোভিত হৈ পৰিছিল ৰাইজ৷ ফলত পকীকৰণৰ পিছতেই চকলা-চকলে এৰি গৈছিল কামৰূপৰ গাছবাৰীৰ সমীপৰ ভলুকাৰ তলৰ অংশৰ পিটচ বোৰ৷ তাৰ পিছতে অভিযন্তা আৰু ঠিকাদাৰে পথ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণ কৰা হ’ব বুলি কয়৷

সংবাদ মাধ্যমত বাতৰিয়ো প্ৰকাশ পায়৷ ৰাইজৰ দীৰ্ঘ দাবীৰ অন্তত বাইহাটা-চাৰিআলি গোৰেশ্বৰ-ৰামগাঁও গড়কপ্তানি পথটোৰ কাম সম্পূৰ্ণ হ'বলৈ ওলোৱাৰ সময়তে নিম্ন মানদণ্ডৰ কাম কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছিল। কামৰূপ গ্ৰাম্য জিলাৰ বাইহাটা চাৰিআলিৰ পৰা ১৪ কিলোমিটাৰ নিলগত বৰডাঙেৰীকুছিত আৰু ঈছাৰকেম্পৰ মাজত ভলুকাৰতল নামত স্থানত যোৱা ৩ জুনত পথৰ পকীকৰণৰ কাম কৰা হৈছিল যদিও পূৰ্বৰ পথছোৱা পৰিস্কাৰ নকৰাকৈ ধূলি-মাটিৰ ওপৰতে পকীকৰণৰ কৰাত পকী চপৰা চপৰে উঠি গৈছিল প্ৰায় ৩০০ মিটাৰ এলেকা। 

এই বাতৰি যোৱা ২ জুনত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত বুধবাৰে ঘটনাস্থলীত উপস্থিত হয় ৰঙিয়া গড়কপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা ভূপেন ডেকা, গোৰেশ্বৰ গডকপ্তানি কাৰ্যালয়ৰ সহঃ অভিযন্তা দীপক মজুমদাৰ আৰু ঠিকাদাৰ প্ৰভূ আগৰৱালা। আটাইকেইগৰাকী স্থানীয় ৰাইজে বিষয়াকেইজনক নিম্নমানৰ কামৰ বাবে ককৰ্থনা কৰি কাম মজবুতকৈ কৰিবলৈ আহ্বান দাবী জনায়।

আটাইকেইজেনে পথটোৰ ক্ষেত্ৰত হোৱা নিম্নমানৰ কামৰ এক তদন্ত চলাই আৰু শেষত প্ৰায় ৩০০ মিটাৰ পথ পুনৰ জেচিবিৰে উঠাই নতুনকৈ পকীক কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, ঠিকাদাৰগৰাকীয়ে এই পথছোৱাৰ কাম লাভ কৰিছে যদিও পথটোৰ কামত ঠাই বিশেষে অৱহেলা কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে। নলা নৰ্দমাৰ কাম সমূহো সম্পূৰ্ণ নকৰাৰ লগতে বিসংগতিপূৰ্ণ ভাৱে নিৰ্মাণ কৰি নলা নৰ্দমাই এটা সময়ত ৰাইজক জুৰুলা কৰিছে। ইপিনে পথ নিৰ্মাণৰ নিৰ্ধাৰিত সময়ত উকলি যোৱাৰ পিছতো আজিকোপতি পথ সম্পূৰ্ণ কৰিব পৰা নাই গড়কপ্তানি বিভাগে।