
নামতিঃ শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত নামতিৰ মিছাজানত ৫৬ সংখ্যক ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্রস্তুতি চলাই তথা পৰিলক্ষিত হৈছে৷ অহা ৩ আৰু ৪ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে শ্রীমন্ত শংকৰদেৱ কলা বিকাশ কেন্দ্র আৰু মিছাজান ৰাস মঞ্চত অনুষ্ঠিত হ’ব৷
ইতিমধ্যে অতুল মহন্তক সভাপতি, অবিত কলিতাক কর্যকৰী সভাপতি, কৃষ্ণ মোহন হাজৰিকাক মুখ্য সম্পাদক, আৰু ৰূপম কলিতা, পংকজ কোঁৱৰ, ধ্রুৱজ্যোতি কলিতা, কৃষ্ণ কমল কলিতা, কন্দর্প নেওগক সাধাৰণ সম্পাদক হিচাপে লৈ উদযাপন সমিতি গঠন কৰা হয়।
কার্যসূচী অনুসৰি ৩ নবেম্বৰত পুৱা ৭ বজাত সমূহীয়া চাফাই, ৭-৩০ বজাত ধর্মধ্বজা উত্তোলন, ১০ বজাত নাম প্রসংগ, দিনৰ ১২ বজাত দিহানাম প্রতিযোগিতা আৰু সন্ধিয়া ৭ বজাৰ পৰা শংকৰী নৃত্য প্রতিযোগিতা অনুষ্ঠিত হ’ব। আনহাতে, পুৱা ৬ বজাত ঊষা কীর্তন, ৭ বজাত স্মৃতি তর্পন, ৮ বজাত বৃক্ষ ৰোপন, ৮-৩০ বজাত শোভাযাত্রা, ১০ বজাত নাম কীর্তন, দিনৰ ১১ বজাত প্রসাদ বিতৰণ আৰু দিনৰ ১২ বজাৰ পৰা ছাত্র-ছাত্রী সকলৰ মাজত চিত্রাংকণ আৰু কুইজ প্রতিযোগিতা অনুষ্ঠিত হ'ব।
প্রতিযোগিতাৰ বিষয়ে সবিশেষ জানিবৰ বাবে ৯৯৫৭৩৮৯৭৮৪ অথবা ৮৪০৩৯১১৯৮৪ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদাযাপন সমিতিয়ে জানিবলৈ দিয়ে। ৫৬ সংখ্যক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি সন্ধিয়া ৮ বজাত আমগুৰি কলেজৰ প্রৱক্তা বিমান শেনচোৱা বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত নির্দিষ্ট বক্তা হিচাবে উপস্থিত থাকিব নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনৰ অধ্যক্ষ নৃপেন নেওগ, অসম ক্রিকেট সন্থাৰ উপ-সভাপতি ৰমেন দত্ত, শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক জয়জ্যোতি গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে সমাজকর্মী ময়ুৰ বৰগোঁহাই নিমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব।
নিশা ৯ বজাৰ পৰা গংগাৰাম কলিতাৰ মুখ্য পৰিচালনাত মঞ্চস্থ কৰা হ’ব এখন বিশয় নাট৷ নাটৰ শুভ উদ্ধোধন কৰিব সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈয়ে।