গোৰেশ্বৰত ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

গোৰেশ্বৰঃ অবিভক্ত কামৰূপ জিলাৰ এতিহ্যমণ্ডিত গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ এইবেলি ৫৫ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰিব গোৰেশ্বৰবাসীয়ে৷ অহা ৩ পৰা ১৪ নবেম্বৰলৈ গোৰেশ্বৰ বজাৰ খলাত বাৰদিনীয়াকৈ অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ৷

৫৫ সংখ্যক গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ধনঞ্জয় বসুমতাৰী আৰু সম্পাদক হেমেন ভাগৱতীয়ে গোৰেশ্বৰ ৰাস উপলক্ষে এইবেলি ভক্তপ্ৰাণ ৰাইজৰ বাবে বিশেষ আয়োজন কৰা বুলি জানিবলৈ দিয়ে৷ ধৰ্মীয় পৰম্পৰা অটুট ৰাখি আটাইকেইদিনতে জনগোষ্ঠীয় নৃত্য, গীত মাত, আনন্দ উৎসৱ আদিৰে ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা কৰা হ’ব বুলি কয়।

এই ৰাস মহোৎসৱৰ মূল-মূল কাৰ্যসূচী মৰ্মে ৩ নবেম্বৰত বিয়লি ৫ বজাত ৰাস মহোৎসৱ মুখ্যদ্বাৰ উন্মোচন কৰিব বিটিচিৰ ব্ৰাউফেডৰ অধ্যক্ষ বিনোদ নাৰ্জাৰীয়ে। ইয়াৰ পিছতে তামুলপুৰ মহকুমাৰ মহকুমাধিপতি সুজিত বাগলাৰীয়ে পূজা মণ্ডপ উন্মোচন কৰিব। উদযাপনত সমিতিৰ সভাপতি ধনঞ্জয় বসুমতাৰীৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰিব।

৪ নবেম্বৰত পুৱা ৯ বজাত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই উদ্ধোধন কৰিব বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ। সন্ধিয়া ৬ বজাত আনন্দ মেলাৰ দ্বাৰ মুকলি কৰিব বিশিষ্ট ব্যৱসায়ী কৈলাশ বড়োই। ৫ নবেম্বৰত বিশেষ স্বচ্ছতা অভিযান অনুষ্ঠানত ভাগ ল'ব বিটিচিৰ ই এম লৌমশ্ৰাও দৈমাৰীয়ে। ৬ নবেম্বৰত স্বচ্ছতা সম্পৰ্কে এখন নাটকো প্ৰদৰ্শন কৰা হ'ব।

৭ নৱেম্বৰত যাদুশিল্পী টমাচ প্ৰভাকৰ বৰুৱাই বিশেষ যাদু প্ৰদৰ্শনৰে মুগ্ধ কৰিব দৰ্শকক। ১৩ নবেম্বৰত সন্ধিয়া ৬ বজাৰ পৰা বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হ'ব। ইয়াৰোপৰি ৰাস মহোৎসৱ উপলক্ষে প্ৰতিদিনে নাম প্ৰসংগ, ওজাপালি, ভাগৱত পাঠ, আয়তীৰ নাম, নাগাৰা নাম, চুপাৰষ্টাৰ প্ৰতিযোগিতা, সংগীত শিল্পীৰ সংগীতানুষ্ঠান আদিৰ আয়োজন কৰা হৈছে।

লগতে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ দ্বাৰা জীৱন্ত মানৱ দ্বাৰা ৰাস লীলা প্ৰদৰ্শন বিশেষ আকর্ষণীয় হ'ব। ৮, ৯ আৰু ১০ নবেম্বৰত গোৰেশ্বৰৰ পৰা আত্মপ্ৰকাশ কৰা লুইতপৰীয়া থিয়েটাৰে নাট নিবেদন কৰিব। অন্তিম দিনা ১৪ নবেম্বৰত আমন্ত্ৰিত শিল্পী অনুপজ্যোতি কাশ্যপ, মন মানসী আৰু আৰ্জিনাই গীত পৰিবেশন কৰিব। উদযাপন সমিতিয়ে সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।