লংকাৰ বামুনগাঁৱত ৰাস মহোৎসৱত ভক্তৰ সমাগম

প্ৰতিকী ফটো
প্ৰতিকী ফটো

লংকাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ লংকাৰ বামুনগাঁৱত ব্যাপক উলাহ-মালহেৰে অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ৷ শৰত কালৰ ৰাত্ৰি অতি বিতোপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন হয় , আৰম্ভ হল শ্ৰী কৃষ্ণৰ ৰাস মহোতসৱ৷ ৰাজ্যৰ চৌদিশে এতিয়া ৰাস মহোৎসৱক লৈ ভক্ত প্ৰাণ ৰাইজৰ মাজত পাৰ ভঙা উচ্ছাহ৷

কি উজনি, কি নামনি সৰ্বত্ৰে এতিয়া উখল মাখল পৰিৱেশ৷ শৰত কালৰ বৃন্দাবনত অপূৰ্ব সৌন্দৰ্য্যৰ সমাবেশৰ হিল্লোল তুলি শ্ৰী কৃষ্ণই কৰা ৰাস ক্ৰীড়াৰ যেন পুনৰা বৃত্তি ঘটিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাসথলীত৷ ৩ নৱেম্বৰৰ পৰা লংকাৰ বামুনগাঁৱৰ কামপুৰীয়া নামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱত শৰত কালৰ স্নিগ্ধ জোনাকত কৃষ্ণৰ সৈতে গোপী সকলে ৰাসক্ৰীড়া কৰাৰ অপূৰ্ব দৃশ্যই মোহিত কৰিছে  ভক্তক৷

বামুনগাঁও পিপল পুখুৰী জোঠাং বস্তি আঞ্চলিক ৰাস উদযাপন সমিতিয়ে চাৰিদিনীয়াকৈ অনুষ্ঠিত ৪৫ তম ৰাস মহোৎসৱত দ্বিতীয় দিনাৰ কাৰ্যসূচীত সহস্ৰাধিক ৰাইজে শ্ৰী কৃষ্ণৰ ৰাস লীলা উপভোগ কৰে৷ সত্ৰ নগৰী মাজুলীৰ আৰ্হিৰে মঞ্চস্থ কৰা এই ৰাস মহোৎসৱত শ্ৰী কৃষ্ণৰ শিশু কালৰ চতুৰিৰ পৰা আৰম্ভ কৰি বৃন্দাবনত ষোড়শ গোপীৰ সৈতে কৰা ৰাসক্ৰীড়াই যেন মথুৰা বৃন্দাবনত পৰিণত কৰিলে লংকাৰ কামপুৰীয়া নামঘৰ প্রাংগনক।